অসমছিংগাপুৰভিডিঅ'শিল্পীসংগীতসংস্কৃতি

১২ বছৰ পূৰ্বৰ পৰাই সপোন ৰচিছিল জুবিন গাৰ্গে

মোৰ ছবি খনৰ নাম হ'ব 'ৰৈ ৰৈ বিনালে'

ৰৈ ৰৈ বিনালে’ ছবি খনৰ বাবে ১২ বছৰ পূৰ্বৰ পৰাই সপোন ৰচিছিল জুবিন গাৰ্গে। ‘ৰৈ ৰৈ বিনালে’ ছবিখনত দৃশ্যগ্ৰহণ কৰিছিল জুবিন গাৰ্গে। ছবি খনত মূল অভিনেত্ৰী হিছাপে কাম কৰিছে মৌচুমী আলিফাই।

মৌচুমী আলিফাৰ মতে, “জুবিন দাই মোক লগ পাইছিল ৮,আৰু ৯ ক্লাচৰ মাজত । যেতিয়া মোক জুবিন দাই লগ পাইছিল তেতিয়া মই বহুত সৰু আছিলোঁ। মোৰ মা দেউতাই মোক মৌ বুলি মাতিছিল। ঘৰত মৌ বুলি মাতা শুনি জুবিন দাইয়ো মোক মৰমত মৌ বুলিয়ে মাতি আহিছিল। জুবিন দাই যেতিয়া মোক লগ পাইছিল তেতিয়া মোৰ হাতত মোবাইল নাছিল , কিন্তু মা দেউতাৰ হাতত মোবাইল আছিল, মা দেউতাৰ পৰা মোবাইল নম্বৰ লৈ সদায় মোৰ খবৰ লৈছিল আৰু কৈছিল ভালকৈ থাকিবা মৌ। মই জুবিন দাৰ লগত এটা গান গাইছিলো। গানটো গোৱাৰ পাছত মোক জুবিন দাই কৈছিল- তুমি মৌ বহুত ধুনীয়াকৈ গাইছা, গতিকে তুমি এই গানটোৰ লগত মোৰ লগত অভিনয় কৰিব লাগিব । অভিনয় কৰিছিলো।”

তেতিয়া আছিল ২০২১ চন। ২০২১ চনতেই জুবিনে  call কৰি মৌচুমী আলিফাক কৈছিল কৈছিল, “মৌ তুমি মোৰ লগত এখন ছবিত কাম কৰিব লাগিব।”

“মৌ মোৰ ছবি খনৰ নাম হব ‘ৰৈ ৰৈ বিনালে’ তুমি ভালকৈ অভিনয় কৰিব পাৰিবানে ?”- জুবিন গাৰ্গ

“হয় দাদা মই কৰিব পাৰিম”- মৌচুমী আলিফা
জুবিন গাৰ্গে কৈছিল,  “ৰৈ ৰৈ বিনালে’ ছবি খন বনাবলৈ মই আজি ১২ বছৰ পৰাই সপোন দেখি আহিছোঁ গতিকে মোৰ আশা আছে মৌ তুমি ভালকৈ কৰিবা বুলি।”

২০২৫ চনত আকৌ জুবিন গাৰ্গে call কৰি মৌচুমী আলিফাক মানে  কৈছিল, “মৌ ‘ৰৈ ৰৈ বিনালে’ ছবি খনৰ shooting আৰম্ভ কৰিম, তুমি আহিবা”

এনেকৈয়ে জুবিন গাৰ্গৰ কথা মতে ‘ৰৈ ৰৈ বিনালে’ ছবি খনৰ shooting আৰম্ভ কৰা হল আৰু ‘ৰৈ ৰৈ বিনালে’ ছবি খনৰ মূল অভিনেত্ৰী হিচাপে কাম কৰিবলৈ দিলে মৌচুমী আলিফাক ।

”ৰৈ ৰৈ বিনালে’ ছবি খনৰ shooting যেতিয়াৰ পৰা আৰম্ভ হৈছিল তেতিয়াৰ পৰাই জুবিন দাই সকলোকে মৰমত ৰাখিছিল, সকলোকে যত্ন লৈছিল, আনকি ভাত খোৱাৰ সময়টো জুবিন দাই গৈ সকলোকে সুধিছিল ভাত খালানে নে নাই?  কিবা problem হৈছে নেকি ? কিবা বেমাৰ হৈছে নেকি ? যদি কাৰোবাৰ বেমাৰ হৈছিল তেতিয়া নিজেই গৈ খবৰ লৈছিল আৰু মেডিচিন দিছিল মানে A to Z খবৰ লৈছিল”- মৌচুমী আলিফা

“জুবিন দাই যি টো চৰিত্ৰত অভিনয় কৰিছিল সেই চৰিত্ৰ টোত বহুত কষ্ট আছিল। বিশেষকৈ চকু দুটাত বহুত কষ্ট পাইছিল জুবিন দাই। চকু দুটাত দুখন লেন্স লগোৱা লৈছিল য’ত কেৱল ৫% হে জুবিন দাই দেখা পাইছিল । চকু দুটাত যেতিয়া লেন্স লগাই shootingৰ বাবে জুবিন দাই সাজু হৈছিল তেতিয়া সকলোৱে কান্দিছিল, কষ্ট দেখি সকলোৱে কৈছিল জুবিন দাক,-  “দাদা আপোনাৰ বহুত কষ্ট হৈছে, এই চৰিত্ৰ টো ভাল নহয় বাদ দিয়ক। তেতিয়া জুবিন দাই কৈছিল, মই মোৰ অনুৰাগীৰ বাবে যি কোনো কাম কৰি যাম আৰু যিমানেই মোৰ কষ্ট নহওঁক কিয় মই মোৰ অনুৰাগী সকলৰ বাবে কাম কৰি যাব লাগিব। মোক ভাল পোৱা মানুহখিনি মই মোক লৈ নিৰাশ হোৱাটো নিবিচাৰোঁ আৰু এনেকৈয়ে ছবি খনৰ কাম শেষ কৰিছিল।”- মৌচুমী আলিফা

জুবিন গাৰ্গে shootingৰ শেষত কৈছিল সকলোকে, ‘ৰৈ ৰৈ বিনালে’ ছবি খনৰ যি দিনাখন ‘মোৰ মন’ গানটো release হব বা কৰিম সেই দিনাখন সকলোৱে মিলি পাৰ্টী কৰিম আৰু dance কৰিম, কিন্তু সপোন যেন সপোন হৈয়ে ৰৈ গল জুবিনৰ ।

জুবিন দাই মোক ছিংগাপুৰ যোৱাৰ আগতে মানে ১৯ তাৰিখে call কৰি মোৰ খবৰ লোৱাৰ লগতে কৈছিল, “তুমি চিন্তা নকৰিবা মৌ, তুমি বহুত ধুনীয়া কাম কৰিছা, গতিকে বাকিখিনি কাম ছিংগাপুৰৰ পৰা ঘূৰি আহি ২১ তাৰিখে কৰিম। Bye মৌ।”-  মৌচুমী আলিফা

জুবিনে মৌচুমী আলিফাক যেনেকৈয়ে কথা দিছিল তেনেকৈয়ে কৰি গৈছিল কিন্তু ছিংগাপুৰৰ পৰা ২১ তাৰিখে ঘূৰি আহি আধৰুৱা কাম খিনি কৰিম বুলি কথা দিছিল । কিন্তু ঘূৰি নাহিল….

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fifteen + 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.