মহানগৰীত কঠোৰ এছ আই টি
অজয় ফুকন আৰু ভিক্টৰ দাসক আটক

জুবিন গাৰ্গৰ মৃ/ ত্যুক লৈ বিভিন্নজনলৈ অভিযোগৰ আঙুলি উঠিছে। সেই ঘটনাৰ তদন্তৰ বাবে অসম চৰকাৰে আৰক্ষী সঞ্চালক প্ৰধান মুন্নাপ্ৰসাদ গুপ্তাৰ নেতৃত্বত গঠন কৰিছে এটা বিশেষ তদন্তকাৰী গোট এছ আই টি।
তদন্তকাৰী দলটোৱে আজি মহানগৰীৰ বিভিন্ন ঠাইত অভিযান চলাইছে। অভিযান চলোৱা ঠাই সমূহৰ ভিতৰত আছিল গীতানগৰত থকা শ্যামকানু মহন্তৰ ঘৰ, জালুকবাৰীৰ গাড়ীগাঁৱত থকা শেখৰজ্যোতি গোস্বামীৰ ঘৰ আৰু ধীৰেণপাৰাস্থিত সিদ্ধাৰ্থ শৰ্মাৰ ফ্লেট।
চি আই ডিৰ উচ্চস্তৰীয় সূত্ৰই জানিব দিয়া মতে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বাসগৃহত অভিযান চলাই তেওঁলোকে দুই অভিযুক্তৰ কোনো সন্ধান নাপায়। অৱশ্যে শেখৰ গোস্বামীৰ ঘৰত তেওঁক লগ পালে যদিও এছ আই টিয়ে তেওঁক এই পৰ্যন্ত গ্ৰেপ্তাৰ কৰা নাই।
এই ঘটনা সন্দৰ্ভত জেৰাৰ বাবে এছ আই টিয়ে তলব কৰা বুলিহে জানিবলৈ দিয়ে। আনহাতে মহানগৰ আৰক্ষীৰ এক সূত্ৰই জানিবলৈ দিয়ে যে, ধীৰেণপাৰাৰ সিদ্ধাৰ্থ শৰ্মাৰ বাসগৃহত এছ আই টি দলে অভিযান চলাওতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল।
তদন্তকাৰী আৰক্ষীৰ গাড়ীলৈ শিল বৰ্ষণ কৰা লগতে সেই ঠাইত সমৱেত হোৱা লোক সকলক কিছু লোকে প্ৰৰোচিত কৰিছিল। এই ঘটনাত তিনিজন চি আই ডিৰ লোক আহত হোৱা বুলি প্ৰকাশ পাইছে। এই সংক্ৰান্তত মহানগৰ আৰক্ষীয়ে অজয় ফুকন আৰু ভিক্টৰ দাসক পৰৱৰ্তী সময়ত আটক কৰিছে।
উল্লেখ্য় যে, আৰক্ষীয়ে সংবাদ মাধ্যম তথা সামাজিক মাধ্যমত এই সম্পৰ্কীয় উৰা বাতৰি প্ৰচাৰৰ পৰা বিৰত থাকিবলৈ সকলো পক্ষকে আহ্বান জনাইছে।


