অভিনয়অসমউৎসৱগুৱাহাটীবিশ্বভাৰতশিক্ষাশিল্পীসংগীতসংস্কৃতি

সংৰক্ষিত কৰি ৰখা হʼব জুবিন গাৰ্গৰ পদচিহ্ন

শৰীৰটো ৰাখিব নোৱাৰিলেও জুবিনৰ পদচিহ্ন ৰৈ যাব চিৰদিন

১৯৭২ চনৰ ১৮ নৱেম্বৰ, মেঘালয়ৰ তুৰাত প্ৰকৃতিৰ মাজত জন্ম গ্ৰহণ কৰিছিল এটি অঘাইটং শিশুৱে। কিতাপ বুলি কʼলেই জ্বৰে মুৰত ধৰিছিল। সৰুৰে পৰা সংগীতৰ সাধনা কৰিছিল নিৰবিচ্ছিন্নভাৱে। জ‌্যোতি-বিষ্ণু-ভূপেন হাজৰিকাৰ গীত গাই ডাঙৰ হোৱা লʼৰাজনে থিৰাং কৰিলে সংগীতেই হʼব তেওঁৰ জীৱন। ভবা মতেই কাম। ১৯৯২ চনত অনামিকাৰ জড়িয়তে পাতনি মেলিলে নিজৰ সংগীতৰ যাত্ৰাৰ। দূৰ্গা পূজাৰ দশমী শেষ নহওঁতেই শেষ হৈ পৰিল অনামিকাৰ সকলো কেছেট। যোৰহাটৰ পৰা অহা এটি সৰু লʼৰাই খলকনি তুলিলে অসমীয়া সংগীত জগতত। জীৱন বৰঠাকুৰে আৰম্ভ কৰিলে জুবিন যুগৰ।

ধাৰা অব্যাহত থাকিল। জুবিনৰ ইটোৰ পিছত সিটো গীতে মন জয় কৰিবলৈ সক্ষম হʼল সকলোৰে। প্ৰতিখন অসমীয়া চলচ্চিত্ৰৰ সংগীত পৰিচালনাৰ বাবে মাথোঁ এটাই নাম হৈ পৰিল জুবিন গাৰ্গ।

এনেকুৱা নহয় যে জুবিনে আনে লিখা গীততহে কন্ঠ নিগৰাইছিল, জুবিনৰ ওচৰত আছিল শব্দৰ ভাণ্ডাৰ। মগজুত লৈ ফুৰিছিল এখন হেমকোষ। কেৱল সংগীতৰ মাজতে নাথাকি অভিনয়ো হৈ পৰিল জুবিনৰ নিচা। জুবিনৰ অনুষ্ঠানত ধুমুহাৰ গতিৰে দৰ্শকৰ আগমন ঘটিল। জুবিন হৈ পৰিল অনন্য, অতুলনীয়।

জীৱন নাটৰ ৫২ টা বৰ্ষত ৪০ টা ভাষাত প্ৰায় ৩৮ হাজাৰ গীত গাই গঢ়ি তুলিলে বিশ্ব ৰেকৰ্ড। যদিও এতিয়ালৈকে এই সন্মান দিয়া হোৱা নাই তথাপিতো বৰ্তমানলৈকে জুবিনৰ সম পৰ্যায়ৰ গীত কোনো শিল্পীয়ে পৰিৱেশন কৰা নাই।

কিন্তু নিয়তিৰ এচৰত হাৰ মানিলে কাহিনিও নাভাগৰা শিল্পী গৰাকীয়ে। Eric Clapton ৰ The Tears in heaven শীৰ্ষক গীতটি শেষবাৰৰ বাবে পৰিৱেশন কৰি পশ্চিমীয়া সাগৰৰ বুকুত বিলীন হৈ গʼল জুবিন।

জুবিন অসমবাসীৰ বাবে এক সত্বা, অমৰ‌ প্ৰেমৰ নাম জুবিন। তেখেতৰ নশ্বৰ দেহ সংৰক্ষণ কৰি ৰাখিবলৈ অসমবাসী তৎপৰ আছিল যদিও সেইটো সম্ভৱ নহয়। তথাপিও স্মৃতি হিচাপে তেখেতৰ ভৰিৰ চাপ সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। চিৰদিনৰ কাৰণে পৰিকল্পিতভাৱে সংৰক্ষণ কৰি ৰখা হʼব জুবিন গাৰ্গৰ ভৰিৰ চাপ। জুবিন অমৰ হৈ ৰʼব এনেকৈয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 + five =

Back to top button