শ্ৰেণীবিহীন

মুখ্যমন্ত্রীৰ ভাগৰ চিংৰা কোনে খালে?

চি আই ডি তদন্ত ঘোষণা স্বয়ং মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্রীৰ ভাগৰ চিংৰা কোনে খালে? চি আই ডি তদন্ত ঘোষণা স্বয়ং মুখ্যমন্ত্ৰীৰ । চিংৰা বা চামুচা সকলোৱেই খায় ৷ কিন্তু আমি ক’ব খুজিছো চিংৰাৰ অন্য এক কাহিনী ৷ এই সকলোৱে খাই থকা, দেখি থকা চিংৰাৰ বাবেই তোলপাৰ লাগিছে ৰাজনীতিত ।  স্বয়ং মুখ্যমন্ত্ৰীৰ বাবে পঞ্চতাৰকাযুক্ত হোটেলৰ পৰা অনা হৈছিল এই চিংৰা ৷ কিন্তু মুখ্যমন্ত্ৰীলৈ অনা চিংৰা নোহোৱা হ’ল আদবাটতে ৷ চিংৰা ক’লৈ গ’ল ? কিয় নাপালেহি নিৰ্দিষ্ট ঠাই ? এই প্ৰশ্ন চৰকাৰৰ বৰমূৰীয়াৰ মুখে মুখে ৷ কিন্তু উত্তৰ কোনে দিব ? সেয়ে উত্তৰ বিচাৰি দিয়া হয় তদন্তৰ নিৰ্দেশ ৷ তদন্তৰ দায়িত্ব দিয়া হয় চি আই ডিক ৷ স্বয়ং মুখ্যমন্ত্ৰীয়েই দিয়ে এই নিৰ্দেশ ৷ এই ‘বিচিত্ৰ’ ঘটনা ঘটিছে হিমাচল প্ৰদেশত । কিন্তু হিমাচল প্রদেশৰ চিংৰা বিতর্ক ইমানতে শেষ হোৱা নাই ৷ এই ঘটনা ‘চৰকাৰ-বিৰোধী’ বুলিও অভিহিত কৰা হৈছে শাসক পক্ষৰ তৰফৰ পৰা ৷ ফলত এতিয়া হিমাচলৰ ৰাজনীতি হৈ পৰিছে ‘চিংৰাময়’ ।  ঘটনাটো যোৱা ২১ অক্টোবৰৰ। সেইদিনা হিমাচলৰ মুখ্যমন্ত্রী সুখবিন্দৰ সিং ছুখু ছাইবাৰ ছেল উদ্বোধনৰ বাবে গৈছিল চি আই ডিৰ সদৰ কাৰ্যালয়লৈ । অনুষ্ঠানৰ অন্তত মুখ্যমন্ত্রীৰ বাবে জলযোগৰ ব্যৱস্থা কৰা হৈছিল ৷ পঞ্চতাৰকাযুক্ত হোটেলৰ পৰা অনা হৈছিল চিংৰা আৰু কে’ক ৷ কিন্তু মুখ্যমন্ত্রীয়ে খাবলৈ নাপালে চিংৰা আৰু কে’ক ৷ ইয়াৰ বিপৰীতে চিংৰা-কে’ক বিলাই দিয়া হয় মুখ্যমন্ত্ৰীৰ নিৰাপত্তাত নিয়োজিত লোকৰ মাজত ৷ কিয় হ’ল এই ভুল ? ক’ত আছিল গাফিলতি ? চিংৰা আৰু কে’ক কিয় নপৰিলহি মুখ্যমন্ত্রীৰ হাতত ? এনে নানা প্রশ্নৰ উত্তৰ পাবলৈকে দিয়া হয় চি আই ডি তদন্তৰ নির্দেশ। উৰ্দ্ধতম কৰ্তৃপক্ষৰ নির্দেশ পোৱাৰ পিছতে চিআইডিয়ে আৰম্ভ কৰে তদন্ত । তদন্তৰ নেতৃত্ব দিয়ে DSP পৰ্যায়ৰ এজন বিষয়াই । ইতিমধ্যে DSP পৰ্যায়ৰ বিষয়া জনে দিয়া প্ৰতিবেদন মতে, সমন্বয়ৰ অভাৱতে ঘটিল এই ঘটনা।
সেয়া যিয়েই নহওক, এই আজৱ কাণ্ডক লৈ এতিয়া হিমাচলত সৃষ্টি হৈছে ৰাজনৈতিক ৰসিকতাৰ ৷ সমান্তৰালকৈ বিৰোধীৰ কটাক্ষৰো সন্মুখীন হৈছে মুখ্যমন্ত্ৰী ৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × 1 =

Back to top button