অসমজন্তু

অসমত বিলুপ্ত হ’ব মতা গৰু!

জব্দ কৰা গৰুৰ বাবে চাহ বাগিচাত নিৰ্মাণ কৰা হ'ব গোশালা

আজি বিধানসভাৰ বাজেট অধিৱেশনৰ চতুৰ্থ দিন। বিগত দিনকেইটাৰ দৰে আজিও বহুকেইটা গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত আলোচনা হ’ল সদনত। ৰাজ্যৰ বহুকেইটা স্পৰ্শকাতৰ বিষয় লৈও মত পোষণ কৰে মুখ্যমন্ত্ৰীৰ লগতে কেবিনট মন্ত্ৰীসকলে।

অসম আৰক্ষীয়ে অসমত জব্দ কৰা চোৰাং গৰু সন্দৰ্ভতো মতামত আগবঢ়ায় হিমন্ত বিশ্ব শৰ্মাই। জব্দ কৰা গৰুৰ বাবে চাহ বাগিচাত গোশালা নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে। তেওঁ কয় যে, জব্দ হোৱা গৰুৰ ভিতৰত যদি মতা গৰু থাকে, তেন্তে সেয়া বিক্ৰী কৰা হ’ব। প্ৰজননৰ বাবে মাইকী গৰু ৰখা হ’ব বুলি জনায় মুখ্যমন্ত্ৰীয়ে।

আনকি গৰুবোৰৰ পৰা যাতে মতা গৰু জন্ম নহয় তাৰ বাবেও চিন্তা কৰা হ’ব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা। যদিহে মতা গৰু জব্দ কৰা হয় তেন্তে গৰুসমূহ বিক্ৰী কৰি দিয়া হ’ব বুলি সদনত উল্লেখ কৰে হিমন্ত বিশ্ব শৰ্মাই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty + 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.