শ্ৰেণীবিহীন

বলীউড তাৰকা অনুষ্কাৰ দেহৰক্ষীৰ দৰমহা বহুতো কোম্পানীৰ CEOৰ তুলনাত অধিক

চাওঁক কিমান পায় অনুষ্কাৰ দেহৰক্ষীয়ে

বলীউডৰ তাৰকাসকলে তেওঁলোকৰ নিৰাপত্তাৰ ক্ষেত্ৰত এক বৃহত পৰিমানৰ মূল্য খৰচ কৰিবলৈ অকনো সংকোচ নকৰে। কাৰণ চেলিব্ৰিটিসকলকে ৰাজহুৱাভাৱে বাহিৰলৈ ওলাই যাওঁতে ব্যক্তিগত সুৰক্ষাৰ প্ৰয়োজন হয় যাতে তেওঁলোকৰ ৰাজহুৱা স্থানত কোনো ক্ষতি নহয়।

বলীউড তাৰকা অনুষ্কা শৰ্মাৰ বিৰাট কোহলীৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ পূৰ্বৰে পৰা ব্যক্তিগত দেহৰক্ষী চনু সকলো সময়তে তেওঁৰ কাষত আছিল। অনুষ্কা শৰ্মাই দেহৰক্ষী প্ৰকাশ সিং ওৰফে চনুক তেওঁৰ সেৱাৰ বাবে অতি শকত দৰমহা দিয়ে। Zoom.com ৰ মতে, প্ৰকাশ সিঙৰ বাৰ্ষিক দৰমহা হৈছে প্ৰায় ১.২ কোটি টকা। যদি এইটো শুদ্ধ হয় তেন্তে, চনুৰ দৰমহা বহুতো কোম্পানীৰ চিইঅ’ৰ বাৰ্ষিক চিটিচিতকৈ বহু বেছি বুলি কোৱাটো ভুল নহ’ব। প্ৰকাশ ওৰফে চনু কেৱল অনুষ্কাৰ দেহৰক্ষীয়ে নহয়, অভিনেত্ৰী গৰাকী আৰু কোহলীয়ে তেওঁক এটা পৰিয়ালৰ দৰে জ্ঞান কৰে। আনকি অনুষ্কাই প্ৰতি বছৰে চনুৰ জন্মদিনো উদযাপন কৰে।

অনুষাই আনকি শ্বাহৰুখ খানৰ সৈতে ‘জিৰো’ ছবিখনৰ দৃশ্যগ্ৰহণ কৰি থকা সময়তো ছেটত চনুৰ জন্মদিন উদযাপন কৰিছিল।

চনুই ৰাজহুৱা স্থানত বিৰাট কোহলীকো ৰক্ষানা বেক্ষন দিয়ে। মন কৰিব লগীয়া যে ভাৰতীয় অধিনায়কৰ নিজৰ ব্যক্তিগত নিৰাপত্তাৰক্ষী থকা স্বত্বেও চনুৱে কোহলীক সুৰক্ষা প্ৰদান কৰে।

অনুষ্কাৰ গৰ্ভধাৰণৰ সময়ত চনুৱে অনুষ্কাৰ কাষত পিপিই কিট পিন্ধি তেওঁক ঢালৰ দৰে সুৰক্ষিত কৰি।

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eight − 7 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.