Assamnationalঅসমকেৰালাদৈনিক বাতৰিভাৰত

পুনৰ আবিৰ্ভাৱ ঘটিছে ক’ভিডৰ নতুন ৰূপান্তৰ….

পুনৰ আবিৰ্ভাৱ ঘটিছে ক’ভিডৰ নতুন ৰূপান্তৰ....

পুনৰ আবিৰ্ভাৱ ঘটিছে ক’ভিডৰ নতুন ৰূপান্তৰ।  নিটি আয়োগৰ স্বাস্থ্য বিভাগৰ সদস্য ভি কে পলে আজি সদৰি কৰা মতে ক’ভিডৰ এক নতুন ৰূপান্তৰ JN1 বৰ্তমান দেশত ধৰা পৰিছে। বাতৰি লিখা পৰলৈ দেশত ২১টা ক’ভিড আক্ৰান্তৰ খবৰ পোৱা গৈছে। এই অনুসৰি গোৱাত ১৯জন আৰু মহাৰাষ্ট্ৰ আৰু কেৰেলাত এজনকৈ ক’ভিড আক্ৰান্ত ধৰা পৰাৰ কথা বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে।

আনহাতে, কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মান্দাৱীয়াই দেশৰ ক’ভিড পৰিস্থিতিৰ বুজ লোৱাৰ লগতে এই ক্ষেত্ৰত ল’বলগীয়া প্ৰস্তুতি সম্পৰ্কত পৰ্যালোচনা কৰিছে। তেওঁ লগতে কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত সমন্বয়তা ৰক্ষা কৰি ক’ভিড পৰিস্থিতি সন্দৰ্ভত ল’বলগীয়া সাৱধানতামূলক পদক্ষেপবোৰৰ সন্দৰ্ভতো বুজ লয়। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্য চৰকাৰবোৰক সকিয়াই দিয়ে যে ক’ভিড এতিয়াও শেষ হোৱা নাই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 + 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.