Assamleatest update

আহোম ছোৱালী বিয়া পাতি বিপদত মাজুলীৰ এটা পৰিয়াল।

আদ্যশ্ৰাদ্ধ অনুষ্ঠানলৈ নাহিল গাওঁৰ কোনো ৰাইজ। 

বৰ্তমানৰ সময় বিজ্ঞান আৰু প্ৰযুক্তিবিদ্য়াৰ সময়। এনে বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ সময়তো মাজুলিত লোকবিশ্বাস আৰু কু-সংস্কাৰৰ বলি এটা পৰিয়াল। জাত-পাতৰ নামত এঘৰীয়া এটা পৰিয়ালক। মাজুলীৰ মলুৱাল কলিতা গাঁৱত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনা। আদ্যশ্ৰাদ্ধ অনুষ্ঠানলৈ নাহিল গাওঁৰ কোনো ৰাইজ। উল্লেখ্য যে আহোম ছোৱালী বিয়া পতাৰ বাবেই এঘৰীয়া কৰা হ’ল পৰিয়ালটোক।

নামনি মাজুলীৰ মলুৱাল গাঁৱত সংঘটিত হৈছে এই ঘটনা। চৌপাশে বান। তাৰ মাজতেই পিতৃৰ আদ্যশ্ৰাদ্ধৰ আয়োজন কৰিছিল সদ্যপ্ৰয়াত গজেন ৰাজখোৱাৰ পৰিয়ালে। পিছে, জাত–পাতৰ নামত আজি আদ্যশ্ৰাদ্ধ অনুষ্ঠিত কৰিও ৰাইজৰ পদধূলা নাপালে এই দুৰ্ভগীয়া পৰিয়ালটোৱে। এই ঘটনাই এতিয়া সচেতন মহলত সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়া।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

16 − 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.