অসমআঞ্চলিকদৈনিক বাতৰি

আমদানিকৃত চালানী মাছত বিষাক্ত ফৰ্মেলিন, মৰিয়নীৰ মাছৰ বজাৰতো চালানী মাছৰ প্ৰয়োভৰ

আমদানিকৃত চালানী মাছত বিষাক্ত ফৰ্মেলিন, মৰিয়নীৰ মাছৰ বজাৰতো চালানী মাছৰ প্ৰয়োভৰ

আমদানিকৃত চালানী মাছত বিষাক্ত ফৰ্মেলিন! ৰাজ্যৰ মাছৰ বজাৰত চালানী মাছৰ প্ৰয়োভৰ। মৰিয়নীৰ মাছৰ বজাৰতো চালানী মাছৰ প্ৰয়োভৰ। অসমীয়া যুৱ মঞ্চৰ সন্ধানত পোহৰলৈ ভয়ংকৰ তথ্য। খাদ্য সুৰক্ষা বিভাগেও নমুনা সংগ্ৰহ কৰিছে মাছৰ।

ৰাজ্যৰ মাছৰ বজাৰত বিক্ৰী হোৱা আমদানিকৃত চালানী মাছ খোৱাৰ ক্ষেত্ৰত সাৱধান।‌ কাৰণ অসমত আমদানিকৃত চালানী মাছত ধৰা পৰিছে মানৱ দেহৰ বাবে বিষাক্ত ফৰ্মেলিনৰ অৱস্থিতি। শেহতীয়াকৈ মৰিয়নীৰ মাছৰ বজাৰত আমদানিকৃত চালানি মাছত বৃহত্তৰ অসমীয়া যুৱ মঞ্চ নামৰ সৎগঠনটোৱে ব্যৱহাৰ কৰা কীটত ধৰা পৰিছে ফৰ্মেলিনৰ অৱস্থিতি।

পিছত সংগঠনটোৱে বিভাগীয় কৰ্তৃপক্ষক এই বিষয়ে অৱগত কৰাত খাদ্য সুৰক্ষা বিভাগে মৰিয়নী মাছৰ বজাৰৰ পৰা মাছৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰিছে। উল্লেখ্য যে, পুতৌজনকভাৱে খাদ্য সুৰক্ষা বিভাগৰ হাতত নাই ফৰ্মেলিন পৰীক্ষা কৰা কীট। ইয়াৰ উপৰিও পূৰ্বে যোৰহাটত চলা অভিযানত মাৰাত্মক ফৰ্মেলিন মাছৰ দেহত উদ্ধাৰ হোৱা পিছতো কিন্তু মৰিয়নীৰ বজাৰত চলা নাছিল খাদ্য সুৰক্ষা বিভাগৰ অভিযান।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.