অৰ্থনৈতিকঅসম

মূল্যবৃ্দ্ধিয়ে কোঙা কৰা অসম। পেট্ৰ’ল-ডিজেলৰ পাছত এইবাৰ চেঞ্চুৰী কোবাবলৈ সাজু ৰন্ধন গেছ

জুলাই মাহৰ প্ৰথম দিনটোতে ৰাজ্যত বৃদ্ধি পালে ৰন্ধন গেছৰ মূল্য

ৰন্ধন গেছৰ মূল্যই চেঞ্চুৰী কোবাবলৈ মাত্ৰ কেইটামান দিন বাকী। জুলাই মাহৰ প্ৰথম দিনটোতে ৰাজ্যত বৃদ্ধি পালে ৰন্ধন গেছৰ মূল্য। জিলা ভেদে সলনি হ’ল ৰন্ধন গেছৰ মূল্য। পূৰ্বৰ তুলনাত ৰাজ্যৰ জিলাসমূহত ৰন্ধন গেছৰ সাল-সলনি হোৱা পৰিলক্ষিত হৈছে। বিশ্বজুৰি হোৱা খাৰুৱা তেলৰ মূল্যবৃদ্ধিৰ বাবেই বৃদ্ধি পাইছে ৰন্ধন গেছৰ মূল্য।

জুন মাহৰ তুলনাত জুলাইত জিলাভেদে বৃদ্ধি পোৱা ৰন্ধন গেছৰ মূল্য হ’ল-
বাক্সা জিলাত ৯০০.৫০ টকা, বৰপেটা জিলাত ৮৭৭ টকা, বিশ্বনাথত ৯০০.৫০ টকা, বঙাইগাঁৱত ৮৬৮.৫০ টকা, কাছাৰ জিলাত ৯৬৯.৫০ টকা, চৰাইদেউ জিলাত ৮৫০.৫০ টকা, চিৰাং জিলাত ৮৬৮.৫০ টকা, দৰং জিলাত ৮৯২.০০ টকা, ধেমাজিত ৯০০.৫০ টকা, ধুবুৰীত ৮৭৭ টকা, ডিব্ৰুগড় জিলাত ৮৩৩.৫০ টকা, গোৱালপাৰা জিলাত ৮৬৮.৫০ টকা।

গুৱাহাটীত ৰন্ধন গেছৰ মূল্য ৮৮৩.৫০ টকা, গোলাঘাটত ৮২৫.৫০ টকা, হাইলাকান্দিত ৯৫২.৫০ টকা, হোজাইত ৯০৭ টকা, যোৰহাটত ৮৫০.৫০ টকা, কামৰূপত ৮৫৮.৫০ টকা, কামৰূপ(ম)ত ৮৮৩.৫০ টকা, কাৰ্বি আংলং জিলাত ৮৫৭ টকা, কৰিমগঞ্জ জিলাত ৯৬৯.৫০ টকা, কোকৰাঝাৰত ৮৬৮.৫০ টকা, লখিমপুৰত ৯০০.৫০ টকা, মাজুলীত ৮৫১ টকা, মৰিগাঁও ৮৯৪.৫০ টকা, নগাঁও জিলাত ৯০৭ টকা, নলবাৰীত ৮৮৩.৫০ টকা, দক্ষিণ শালমাৰাত ৮৮৫.৫০ টকা, শিৱসাগৰ জিলাত ৮৪২ টকা, শোণিতপুৰ জিলাত ৯০০.৫০ টকা, তিনিচুকীয়া জিলাত ৮৩৩.৫০ টকা, ওদালগুৰি জিলাত ৯০০.৫০ টকা। পশ্চিম কাৰ্বি আংলং জিলাত ৰন্ধন গেছৰ মূল্য ৯০৭ টকা।

ৰন্ধন গেছৰ সৰ্বাধিক মূল্য হৈছে ডিমা হাচাওত। ডিমা হাচাওত ৰন্ধন গেছৰ মূল্য হ’লগৈ ৯৯৩ টকা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.