অসমদৈনিক বাতৰি

বানত প্লাবিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, হাইলেনত আশ্ৰয় গ্ৰহণ কাজিৰঙাৰ বন্যপ্ৰাণীৰ

বানত প্লাবিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, হাইলেনত আশ্ৰয় গ্ৰহণ কাজিৰঙাৰ বন্যপ্ৰাণীৰ

বানত প্লাবিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।বিলাই বিপত্তি নোহাৱা হৈছে জীৱকূলৰ।হাইলেনত আশ্ৰয় গ্ৰহণ কাজিৰঙাৰ বন্যপ্ৰাণীৰ। বনাঞ্চলৰ প্ৰায় ৫৮টা বন শিবিৰ এলেকা প্লাৱিত।প্লাবিত অগৰাতলি বনাঞ্চলত ২৬ টা বন শিবিৰ।

তদুপৰি বোকাখাত বনাঞ্চলত ৫ টা, কহঁৰা বনাঞ্চলত ৭ টা, বাগৰি বনাঞ্চলত ৬ টা, উত্তৰ পাৰত ৬ টা, বুঢ়াপাহাৰ বনাঞ্চলত ৬ টা আৰু নগাঁও ৱাইল্ডলাইফ ডিভিজনত ২টা বন শিবিৰ এলেকা হৈ পৰিছে জলমগ্ন। অৱশ্যে বৰ্তমান ব্ৰহ্মপুত্ৰৰ দাঁতি কাষৰীয়া এলেকা সমূহহে প্লাৱিত হোৱাৰ বাবে বন্যজন্তু বিলাক ৰাষ্ট্ৰীয় উদ্যানৰ ওখ স্থানত আশ্ৰয় লৈ আছে ৷ গতিকে কিছু সংখ্যক হৰিণা ৩৭ নং ৰাষ্ট্ৰীয় পথ অতিক্ৰম কৰি কাৰ্বি পাহাৰলৈ গতি কৰিছে যদিও ডাঙৰ জন্তু সমূহ ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰতে আছে ৷ আনহাতে ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ পাৰৰ বিশ্বনাথৰ দিশত বানৰ বাবে ওলাই যোৱা হৰিণা কুকুৰৰ আক্ৰমণৰ বলি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি জনসজাগতাৰ ব্যৱস্থা লৈছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই। ইফালে ৰাষ্ট্ৰীয় পথটোৰে যানবাহন চলাচলৰ ক্ষেত্ৰত জীৱকূলৰ প্ৰতি লক্ষ্য ৰাখি চালকক সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান প্ৰশাসনৰ।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

9 + 14 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.