অসমপৰিৱেশ

ঐতিহ্যমণ্ডিত দীঘলীপুখুৰীত মৰা মাছৰ দ’ম, ওপঙিছে শতাধিক মাছ

দেওবাৰে পুৱা পুখুৰীত শতাধিক মৰা মাছ ওপঙি থকা প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে

মহানগৰীত সংঘটিত হৈছে এক কৰুণ ঘটনা। ঐতিহ্যমণ্ডিত দীঘলীপুখুৰীত ওপঙিছে শতাধিক মৰা মাছ। দেওবাৰে পুৱা পুখুৰীত শতাধিক মৰা মাছ ওপঙি থকা প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে।

দীঘলীপুখুৰীত ওপঙি থকা মাছ(প্ৰতীকী ফটো)

দীঘলীপুখুৰীত ওপঙি থকা মাছ(প্ৰতীকী ফটো)

অক্সিজেনৰ পৰিমাণ হ্ৰাস পোৱাৰ বাবেই শ-শ মাছৰ মৃত্যু হোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজৰ লগতে মীন বিভাগৰ কৰ্মচাৰীয়ে। ঘটনাস্থলীত মীন বিভাগৰ বিভাগৰ বিষয়া-কৰ্মচাৰী উপস্থিত হৈ ঘটনা পৰ্যবেক্ষণ কৰাৰ লগতে দীঘলীপুখুৰীৰ পানী পৰিষ্কাৰ কৰাৰ ক্ষেত্ৰতো ব্যৱস্থা গ্ৰহণ কৰিছে। লগতে মৰা মাছবোৰ কাষলৈ তুলি পুখুৰীৰ পানী পৰিষ্কাৰ কৰাৰ ব্যৱস্থা কৰিছে স্থানীয় ৰাইজে। হঠাতে দীঘলীপুখুৰীত মাছৰ এনেদৰে মৃত্যু হোৱাত এতিয়া চিন্তিত হৈ পৰিছে মীন বিভাগৰ লগতে স্থানীয় ৰাইজ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

six − one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.