Socialঅসম

নগা দুৰ্বৃত্তৰ ভাবুকিত শংকিত অসমীয়া !উত্তপ্ত হৈ উঠিছে মৰিয়নি সীমান্ত

পুনৰ উত্তপ্ত হৈ উঠিছে মৰিয়নি সীমান্ত

অসমৰ ভূমিত নগা দুৰ্বৃত্তৰ অবৈধ আগ্ৰাসনৰ ঘটনাই প্ৰায়ে দখল কৰে সংবাদ শিৰোনামা। সেই একেই ঘটনাৰে পুনৰাবৃত্তি হ’ল মৰিয়নি সীমান্তত। পুনৰ উত্তপ্ত হৈ উঠিছে মৰিয়নি সীমান্ত।

নগা দুৰ্বৃত্তৰ ভাবুকিত শংকিত অসমীয়া। নগাৰ ‍ভাবুকিত ক্ষুদ্ৰ চাহ বাগিচাৰ কাম-কাজ বন্ধ কৰিবলৈ বাধ্য হৈ পৰিছে চাহ খেতিয়কসকল। মৰিয়নি চেলেংহাটৰ চাৰিঙীয়াজুৰিত সংঘটিত হৈছে এই ঘটনা। ৰবীন কুৰ্মী নামৰ ক্ষুদ্ৰ খেতিয়কজনক নগা উগ্ৰপন্থীয়ে ‍ভাবুকি প্ৰদান কৰাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে।

উল্লেখযোগ্য যে, চাহ-বাগিচাৰ ভূমিৰ কৰ বিচাৰি মৰিয়নিৰ ক্ষুদ্ৰ চাহ-খেতিয়কসকলক ভাবুকি প্ৰদান কৰি আহিছে নগা দুৰ্বৃত্তই। অস্ত্ৰধাৰী নগা বিদ্ৰোহীৰ ধন দাবী কাৰ্যত এতিয়া আতংকিত হৈ পৰিছে বাগিচাৰ লোকসকল। এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে মৰিয়নি সীমান্তৰ চাহ খেতিয়কসকলক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত  কিদৰে ব্যৱস্থা গ্ৰহণ কৰিব, সেয়াও হ’ব লক্ষণীয়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

ten − 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.