অপৰাধআঞ্চলিক

মৰাণৰ খোৱাঙত চাঞ্চল্যকৰ ঘটনা। স্বামীক ভাতত বিষ দি হত্যা পত্নীৰ

স্বামীক ভাতত বিষ দি হত্যা কৰাৰ অভিযোগ পত্নীৰ বিৰুদ্ধে

মৰাণৰ খোৱাঙত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। স্বামীক ভাতত বিষ দি হত্যা কৰাৰ অভিযোগ উঠিছে পত্নীৰ বিৰুদ্ধে। খোৱাং আৰক্ষী থানাৰ অন্তৰ্গত ৰাংচালি নেপালী গাঁৱত সংঘটিত হৈছে এই ঘটনা। গাঁ‌ওঁখনৰ মনচুক মূৰ্মূ নামৰ ৩২ বছৰীয়া ব্যক্তিজনে মংগলবাৰে নিশাৰ পৰা হঠাৎ অসুস্থ হৈ পৰে আৰু আজি পুৱা মৃত্যুক সাবটি লয় মনচুক মূৰ্মূয়ে। পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি মনচুক মূৰ্মূৰ পত্নীয়ে ভাতত বিষ দি হত্যা কৰিছে স্বামীক। ইতিমধ্যে খোৱাং আৰক্ষীয়ে অভিযুক্ত পত্নী অনিতা মূৰ্মূক সোধ-পোচৰ বাবে আটক কৰে। লগতে মৃত মনচুক মূৰ্মূৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 + 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.