অসমআঞ্চলিক

কিমান সুৰক্ষিত ৰাজ্যৰ শিক্ষাৰ্থী?

বিধানসভাত শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ ভয়ংকৰ তথ্য।

বিধানসভাত শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ ভয়ংকৰ তথ্য। শিক্ষাৰ অধিকাৰ আইনৰ অধীনত থকা শিক্ষাৰ্থীসকল নহয় সুৰক্ষিত। ৰাজ্যত প্ৰয়োজনতকৈ কম শিক্ষক থকা বিদ্যালয়ৰ তথ্য অতি উদ্বেগজনক। ৰাজ্যত ১২,৭৩১খন প্ৰাথমিক বিদ্যালয়ত নাই পৰ্যাপ্ত শিক্ষক। ১০,৭৮১ নিম্ন প্ৰাথমিক, ১৯৫০ উচ্চ প্ৰাথমিক বিদ্যালয়তো নাই পৰ্যাপ্ত শিক্ষক।

উল্লেখ্য যে ৰাজ্যৰ ২,৯৭৯খন প্ৰাথমিক বিদ্যালয়ত আছে মাত্ৰ এজন শিক্ষক। প্ৰয়োজনতকৈ কম শিক্ষকেৰে চলি আছে ৰাজ্যৰ ২০৭খন মাধ্যমিক বিদ্যালয়। ৰাজ্যত এতিয়াও ১,১৪০খন বিদ্যালয় চলিছে কেঁচা গৃহত। আজিও বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা নথকা বিদ্যালয়ৰ সংখ্যা ১,৬১৬ খন। মেৰামতিৰ বাবে প্ৰয়োজন থকা বিদ্যালয়ৰ সংখ্যা ১৪,৫৮৭খন। শ্ৰেণীকোঠা বৃদ্ধি কৰিবলগীয়া বিদ্যালয়ৰ সংখ্যা ২২,৭২৪খন। এইয়া বিধানসভাত শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে বিধানসভাত উল্লেখ কৰা ভয়ংকৰ তথ্য। বিকাশশীল অসমত এনেদৰেই চলিছে মানৱ সম্পদ গঢ়াৰ আন্তঃগাঁথনি।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.