world cupখেল

বিশ্বকাপ জয়েৰে শৈশৱৰ সপোন সম্পূৰ্ণ কৰিলে ফুটবলৰ যাদুকৰ লিয়নেল মেছিয়ে

ফ্ৰান্সক পৰাস্ত কৰি ফিফা বিশ্বকাপৰ খিতাপ দখল কৰিলে আৰ্জেণ্টিনাই

ফুটবল কেৰিয়াৰৰ শেষৰখন বিশ্বকাপ জয়েৰে শৈশৱৰ সপোন সম্পূৰ্ণ কৰিলে ফুটবলৰ যাদুকৰ লিয়নেল মেছিয়ে। লিঅ’নেল মেছিৰ দুৰন্ত খেলে মন্ত্ৰমুগ্ধ কৰিলে বিশ্ববাসীক। ফ্ৰান্সক পৰাস্ত কৰি ফিফা বিশ্বকাপৰ খিতাপ দখল কৰিলে আৰ্জেণ্টিনাই। বিশ্বকাপ ফুটবলৰ ইতিহাসৰ আটাইতকৈ ৰোমাঞ্চকৰ মেচখনৰ সাক্ষী হৈ ৰ’ল বিশ্ববাসী। ৰোমাঞ্চকৰ লগতে শ্বাহৰুদ্ধকাৰ মেচখনত দুয়োটা দলেৰে প্ৰদৰ্শন আছিল দুৰ্দান্ত। পেনাল্টীৰ জৰিয়তে জয়লাভ কৰিবলৈ সক্ষম হ’ল আৰ্জেণ্টিনা।

 

মেচখনৰ প্ৰথমাৰ্ধত ২টা গলেৰে অগ্ৰগতি লাভ কৰে আৰ্জেণ্টিনাই। কিন্তু যুঁজাৰু ফ্ৰান্সে মেচখনৰ দ্বিতীয়াৰ্ধত দেখুৱা প্ৰদৰ্শন বিশ্বকাপ ফুটবলৰ ইতিহাসত স্মৰণীয় হৈ ৰ’ব। ৫ মিনিটৰ ব্যৱধানত ফৰাচী খেলুৱৈ এমবাপে দুটাকৈ গল দি জিনিলে সকলোৰে হৃদয়। নিৰ্ধাৰিত সময়ত খেলখন ৩-৩ ব্যৱধানত ড্র হোৱাৰ পাছত অতিৰিক্ত সময়ৰ ১০৮ মিনিটত মেছিয়ে গ’লটো স্ক’ৰ কৰে। কিন্তু মেচৰ ১১৮ মিনিটত এক গ’লৰ জৰিয়তে পেনাল্টী লাভ কৰে ফ্ৰান্সে। সেই পেনাল্টীটোক কাৰ্যকৰী কৰি ফ্ৰান্সে অতিৰিক্ত সময়তো মেচখনত সমতা স্থাপন কৰিবলৈ সক্ষম হয়। ফলত মেচখন অৱধাৰিতভাৱে গতি কৰে পেনান্টী শ্বুটআউটলৈ। শ্বুটআউটত ৪-২ৰ বাৱধানত জয় সাব্যস্ত কৰি সুদীৰ্ঘ ৩৬ বছৰৰ পাছত পুনৰ বিশ্ব জয়ৰ খিতাপ দখল কৰিলে আর্জেন্টিনাই। মাৰাডোনাৰ সেই চমকৃত খেলৰ পুনৰাবৃত্তি ঘটাই লিঅ’নেল মেছিয়ে কেৰিয়াৰৰ শেষৰখন বিশ্বকাপ জয়েৰে পূৰ্ণ কৰিলে নিজৰ শৈশৱৰ সপোন। ফ্ৰান্সৰ সেই দুর্দান্ত আক্রমণক প্ৰতিহত কৰি আজেন্টিনাৰ হৈ লিঅ’নেল মেছি আৰু এঞ্জেল ডি মাৰিয়াই দিয়ে গল।

 

ফিফা বিশ্বকাপ ফাইনেল ২০২২ৰ গ’ল্ডেন বল লাভ কৰিলে মেছিয়ে। এমিলিয়ানো মাৰ্টিনেজে লাভ কৰিলে গ’ল্ডেন গ্ল’ভ। গ’ল্ডেন বুট দখল কৰিলে এমবাপ্পে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five − 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.