বলিউডভাৰতমনোৰঞ্জন

অভিনেত্ৰী আশা পাৰেখলৈ ২০২২ বৰ্ষৰ দাদা চাহেব ফাল্কে বঁটা

ভাৰতীয় চিনেমালৈ আগবঢ়োৱা অৱদানৰ বাবে এই সন্মান প্ৰদান অভিনেত্ৰীগৰাকীক

ঘোষিত হ’ল ২০২২ বৰ্ষৰ দাদা চাহেব ফাল্কে বঁটা। বলিউডৰ মোহময়ী অভিনেত্ৰী আশা পাৰেখে লাভ কৰে ২০২২ বৰ্ষৰ দাদা চাহেব ফাল্কে বঁটা। কাতি পাটাং, আন মিলো সাজনাৰ দৰে ছবিত অভিনয় কৰা অভিনেত্ৰীগৰাকীক ভাৰতীয় চিনেমালৈ আগবঢ়োৱা অৱদানৰ বাবে এই সন্মান প্ৰদান কৰা হৈছে।

 

কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে নিজৰ টুইটাৰ একাউণ্টত প্ৰকাশ কৰে এই তথ্য। ৬০-৭০ৰ দশকত নিজৰ সৌন্দৰ্য আৰু অভিনয়ৰে অনুৰাগীৰ হৃদয়ত জয় কৰিছিল আশা পাৰেখে।

 

অতি কম বয়সতে বলীউডত আত্মপ্ৰকাশ কৰা অভিনেত্ৰী আশা পাৰেখে ১৯৫২ চনত নিৰ্মিত ‘মা’ ছবিত শিশু অভিনেতা হিচাপে প্ৰথম ভাৰতীয় চিনেমাত খোজ পেলাইছিল। ইয়াৰ পিছত এজন শিশু শিল্পী হিচাপে আসমান, ধোবি ডাক্তৰ, বাপ বেতী আদি ছবিত কাম কৰিছিল। ১৯৫৯ চনত শম্মি কাপুৰৰ সৈতে ‘দিল দেকে দেখো’ ছবিৰে বলীউডত মুখ্য অভিনেত্ৰী হিচাপে কাম কৰিছিল। ইয়াৰ পিছত অভিনেত্ৰীগৰাকীয়ে কেতিয়াও পিছলৈ ঘূৰি চাবলগীয়া নহ’ল। ভাৰতীয় চিনেমা জগতলৈ তিশ্ৰী মঞ্জিল, প্যাৰ কা মৌছাম, মেৰা গাঁও মেৰা দেশৰ দৰে ছুপাৰহিট ছবি উপহাৰ দি গ’ল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.