দুৰ্ঘটনাদৈনিক বাতৰি

দুৰ্ঘটনাত পতিত যুঁজাৰু বিমান-মিৰাজ-২০০০, কথমপি প্ৰাণ ৰক্ষা পাইলটৰ…

ঘটনাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় বায়ু সেনা বাহিনীৰ এটা দল। পৰৱৰ্তী সময়ত পাইলটজনক উদ্ধাৰ কৰি হাস্পতালত ভৰ্তি কৰোৱা হয়।

দুৰ্ঘটনাত পতিত ভাৰতীয় বায়ুসেনাৰ বিমান। বৃহস্পতিবাৰে পুৱা মধ্য প্ৰদেশৰ ভিন্দ জিলাৰ ওচৰত দুৰ্ঘটনাগ্ৰস্ত হয় ভাৰতীয় বায়ুসেনাৰ মিৰাজ-২০০০ যুঁজাৰু বিমান।

ভিন্দ জিলাৰ পৰা ৬ কিমি. দূৰত্বত অৱস্থিত মানকাবাদ অঞ্চলৰ এখন মুকলি পথাৰত চিটিকি পৰে বিমানখনৰ ভগ্নাংশ। যান্ত্ৰিক আৰু কাৰিকৰী বিজুতিৰ বাবেই বিমানখন দুৰ্ঘটনাত পতিত হয় মিৰাজ-২০০০ বিমান।

অৱশ্যে, বিমানখন দুৰ্ঘটনাগ্ৰস্ত হ’লেও বিমানখনৰ ভিতৰত থকা পাইলটজনৰ কথমপি প্ৰাণ ৰক্ষা পৰে। ঘটনাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় বায়ু সেনা বাহিনীৰ এটা দল। পৰৱৰ্তী সময়ত পাইলটজনক উদ্ধাৰ কৰি হাস্পতালত ভৰ্তি কৰোৱা হয়।

উল্লেখ্য যে, সেনাৰ প্ৰশিক্ষণৰ বাবে ব্যৱহাৰ কৰা হৈছিল মিৰাজ-২০০০ যুঁজাৰু বিমানখন। আৰক্ষীয়ে ইতিমধ্যে দুৰ্ঘটনাস্থলীত ব্যৱস্থা কৰিছে কটকটীয়া নিৰাপত্তাৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fourteen − eleven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.