অসমধৰ্মীয়ধাৰ্মিকভাৰত

আজি গণেশ চতুৰ্থী

দেশৰ প্ৰান্তে প্ৰান্তে আৰাধনা গণেশক

নমো নমো গণেশায় নমো গজানন।
সৰ্ববিঘ্নহাৰা দেৱ পাৰ্বতী নন্দন।।
নমো নমো মহাকায় নমো গণপতি।
নমো নমো বক্ৰতুন্দ নমো মহামতি।।

 

আজি গণেশ চতুৰ্থী। দেশৰ প্ৰান্তে প্ৰান্তে আৰাধনা গণেশক। সজাই পৰাই তোলা হৈছে দেশৰ প্ৰতিটো গণেশ মন্দিৰ। ভাদ মাহৰ শুক্ল পক্ষৰ চতুৰ্থীত পালন কৰা হয় গণেশ চতুৰ্থী। এইবাৰ গণেশ চতুৰ্থী গণেশ স্থাপনৰ সঠিক সময় পুৱা ১১ বাজি ৫ মিনিটৰ পৰা দুপৰীয়া ১ বাজি ৩৮ মিনিটলৈকে।

 

গণেশৰ আশিষ বিচাৰি পুৱাৰে পৰা গণেশ মন্দিৰ সমূহত ভিৰ কৰিছেহি অগণন ভক্তই। দেশৰ অন্য প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীৰ গণেশ মন্দিৰতো সমাগম ঘটিছে ভক্তৰ। ধূপ-ধূনা নৈবদ্যৰে আৰাধনা গণেশক। সকলো বিপদৰ পৰা হাত সাৰি বছৰটো যাতে ভালে কুশলে যায় তাৰ বাবেই প্ৰাৰ্থনা সকলোৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.