অসমভাৰত

ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল অংগনবাড়ী সহায়িকা!

দেশৰ শ্ৰেষ্ঠ সমাজ সেৱীকাৰ সন্মান সাহায়িকাগৰাকীলৈ

ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল অংগনবাড়ী সাহায়িকা! দেশৰ শ্ৰেষ্ঠ সমাজ সেৱীকাৰ সন্মান সাহায়িকাগৰাকীলৈ

জামুগুৰিহাটৰ অংগনবাড়ী সাহায়িকাক দেশৰ শ্ৰেষ্ঠ সমাজ সেৱীকাৰ সন্মান আমেৰিকাৰ চেনফৰ্ড ইউনিভাৰচিটিৰ প্ৰবক্তাৰ৷
শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ হাটিঙা ধুবিখোলাৰ এগৰাকী অংগনবাড়ী সহায়িকাক আমেৰিকাৰ চেনফঅৰড ইউনিভাৰচিটিৰ এটি প্ৰবক্তাৰ দলে দেশৰ শ্ৰেষ্ঠ সমাজ সেৱীকাৰ স্বীকৃতি প্ৰদান কৰাক লৈ উৎফুল্লিত হৈ পৰিছে সমূহ জামুগুৰিহাটবাসী ৷

আমেৰিকাৰ চেনফৰ্ড ইউনিভাৰচিটিৰ প্ৰবক্তা মাৰ্গ বেলঙৰ দলটো তেজপুস্থিত ERC চিকিৎসালয়ৰ এটি চিকিৎসকৰ দলৰ লগত আহি জামুগুৰিহাটৰ হাটিঙাৰ সহায়িকাগৰাকীৰ বাসভৱনত উপস্থিত হৈ ইলা দেৱীক শ্ৰেষ্ঠ সমাজসেৱীৰ সম্বৰ্দ্ধনা জ্ঞাপন কৰে ৷ উল্লেখ্য যে ইলাদেৱীয়ে চাকৰী কৰাৰ উপৰি আজৰি সময়ত তেজপুৰ ERC চিকিৎসালয়ৰ জৰিয়তে গ্ৰামাঞ্চলৰ দুখীয়া দৰিদ্ৰ ৰাইজক বিনামূলীয়া চকু চিকিৎসা সেৱা আগবঢ়ায় আহিছে ৷

ERCয়ে আগবঢ়োৱা চকু চিকিৎসা সেৱাত নিজকে নিয়োগ কৰি দুখীয়া দৰিদ্ৰ ৰাইজক কৰি অহা সেৱাৰ বাবে তেঁওক এই বিৰল সন্মান প্ৰদান কৰা বুলি উল্লেখ কৰিছে৷ লগতে অঞ্চলটোৰ ৰাইজে তেওক আজি পুৱা অভিনন্দন জ্ঞাপন কৰি ফুলাম গামোচাৰে সম্বৰ্দ্ধনা জনায়৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fourteen + sixteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.