Covid-19অসমভাৰতৰাজনৈতিক

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ক’ভিড সম্পৰ্কীয় গুৰুত্বপূৰ্ণ ঘোষণা

শনিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেলযোগে কৰে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা,

কাইলৈৰ পৰা অসমত উপলব্ধ হ’ব কভাক্সিনৰ দ্বিতীয় ড’জ। কভাক্সিনৰ দ্বিতীয় ড’জ ২৮ৰ পৰা ৪২ দিনৰ ভিতৰত ল’ব পাৰিব। নতুন নিয়ম অনুসৰি কভাক্সিনৰ দ্বিতীয় ড’জৰ সময়সীমা ২৮-৪২ দিন হ’ব। নতুন নিয়মমতে কভিশ্বীল্ড ভেকচিনৰ দ্বিতীয় ড’জৰ সময়সীমা ৩ মাহ।

ৰাজ্যত ৭ জুনৰ পৰা আৰম্ভ হ’ব পাৰে সামান্য আনলক প্ৰক্ৰিয়া। ৫ জুনত চৰকাৰে ল’ব পাৰে নতুন সিদ্ধান্ত। অহা ৫ জুনলৈকে বৰ্তমানৰ নিয়ম বলৱৎ থাকিব। ১৫ জুনৰ আগত সম্পূৰ্ণ আনলক নহয় ৰাজ্যত।

৩ বা ৪ জুনত নিৰ্ধাৰণ হ’ব ব্যক্তিগত হাস্পতালৰ নিৰিখ। ডিচেম্বৰৰ ভিতৰত ৰাজ্যৰ প্ৰতিজনে পাব ভেকচিনৰ দুটাকৈ ড’জ। ৭ জুনলৈকে ৰাজ্যৰ কভিড পৰিস্থিতিৰ কিছু শাম কাটিব।

কভিডত অনাথ হোৱা শিশুৰ বাবে ৰাজ্য চৰকাৰৰ বিশেষ আঁচনি। কাইলৈৰ পৰা মুখ্যমন্ত্ৰী শিশুসেৱা আঁচনিৰ শুভাৰম্ভণি। অনাথ হোৱা শিশুৱে পাব প্ৰতি মাহে ৩,৫০০ টকা। নিথৰুৱা শিশুক আৱাসিক বিদ্যালয়ত বিনামূলীয়া পাঠদানৰ সুবিধা। শৈক্ষিক জীৱনৰ সকলো খৰচ বহন কৰিব চৰকাৰে।

বিবাহৰ উপযুক্ত অনাথ যুৱতীয়ে এতোলা সোণ, ৫০ হাজাৰ টকা পাব। অনাথ শিশুৰ বাবে লেপটপ বা কম্পিউটাৰৰ ব্যৱস্থা। অনাথ হোৱা শিশুক কাৰিকৰী শিক্ষা দিব চৰকাৰে। সকলো অনাথ শিশুকে উপাৰ্জনক্ষম কৰি তুলিব অসম চৰকাৰে।আঁচনিখনৰ বাবে অনলাইনৰ জৰিয়তেও পঞ্জীয়ন কৰিব পাৰিব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.