Covid-19স্বাস্থ্য

যৌনকর্মীক ৰেচন যোগান ধৰিবলৈ নির্দেশ উচ্চ ন্যায়ালয়ৰ

ক’ভিডসৃষ্ট পৰিৱেশৰ বাবে দুৰৱস্থা কাছাৰৰ যৌনকর্মীসকলকৰ। এনে সময়ত ৰেচন যোগান ধৰিবলৈ জিলাখনৰ উপায়ুক্তক নির্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। এটা প্রকল্প ৰূপায়ণৰ বাবে কাছাৰত চিনাক্ত কৰা যৌনকর্মীসকলৰ পৰিয়ালক এই ৰেচন যোগান ধৰিবলৈ ন্যায়ালয়ে নির্দেশনা দিছে৷

শুকুৰবাৰে শুনানি গ্রহণ কৰি উচ্চ ন্যায়ালয়ে অসমৰ যৌনকর্মীসকলক চিনাক্ত কৰি কিদৰে মহামাৰীৰ সময়ছোৱাত সাহায্য প্রদান কৰিব পৰা যায়, সেই সন্দর্ভত অৱগত কৰিবলৈ চৰকাৰী পক্ষক নির্দেশনা দিয়ে৷ এই গোচৰটোৰ পৰৱর্তী শুনানি অহা ১ জুনত গ্রহণ কৰিব গুৱাহাটী উচ্চ ন্যায়ালয়ে৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two − one =

Check Also
Close
Back to top button