EducationSocialঅসমদৈনিক বাতৰি

গুণোৎসৱৰ সময়তে কদৰ্যময় পৰিৱেশত শিক্ষাগ্ৰহণ এজাক কণমানিৰ

শিক্ষা লোৱা ঘৰটো কিছু বছৰৰ পূৰ্বে ধুমূহাত বিধ্বস্ত হৈছিল

নুমলীগড়ৰ এখন কৰুণ ছবি।

অত্যন্ত অস্বাস্থ্যকৰ পৰিৱেশত শিক্ষা গ্ৰহণ কৰিছে এজাক কণমানিয়ে।

নুমলীগড়ৰ মৰঙিৰ ২নং মাধৱপুৰ অংগনবাড়ী কেন্দ্ৰত এই কাণ্ড। যি সময়ত গুণোৎসৱৰ জৰিয়তে শিক্ষা ব্যৱস্থাক উন্নত কৰাৰ প্ৰয়াস কৰিছে সেই সময়তে এজাক শিশুৱে কৰুণভাৱে শিক্ষা জীৱনৰ আদিপাঠ আৰম্ভ কৰিছে। কেউফালে অস্বাস্থ্যকৰ পৰিৱেশ। কোঠাত নাই টিনপাত, নাই দৰ্জা-খিৰিকি। কেউফালে লেতেৰা পৰিৱেশ। তাৰ মাজতে পঢ়িবলৈ বহে কণমানিসকল। বৰষুম হ’লে পঢ়াৰ উপাই নাথাকে। প্ৰখৰ ৰ’দ হ’লেও ভিতৰত থাকিবলৈ অসুবিধা।

আচলতে শিক্ষা লোৱা ঘৰটোৱে কিছু বছৰৰ পূৰ্বে ধুমূহাত বিধ্বস্ত হৈছিল। তেতিয়াৰে পৰা আৰু ছিক কৰা নহ’ল। তাৰ মাজতেই শিশুসকলে লৈছে শিক্ষা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

13 − 8 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.