বিশ্বস্বাস্থ্য

পুনৰ বিপদৰ আগজাননী! এইবাৰ মাঙ্কিপক্সৰ সন্ত্ৰাস

মাঙ্কিপক্সে বিভ্ৰান্ত কৰিছে বিশ্ব স্বাস্থ্য সংস্থা আৰু আফ্ৰিকাৰ বিজ্ঞানীসকল

পুনৰ বিপদৰ আগজাননী! এইবাৰ মাঙ্কিপক্সৰ সন্ত্ৰাস।

মাঙ্কিপক্সে বিভ্ৰান্ত কৰিছে বিশ্ব স্বাস্থ্য সংস্থা আৰু আফ্ৰিকাৰ বিজ্ঞানীসকল।

মাঙ্কিপক্সৰ বিষয়ে চিন্তিত আৰু বিভ্ৰান্ত হৈছে বিশ্ব স্বাস্থ্য সংস্থা আৰু আফ্ৰিকাৰ বিজ্ঞানীসকল। ভাৰতবৰ্ষইয়ো সংক্ৰমণৰ আশংকা নিয়ন্ত্ৰণ কৰিবলৈ সাম্ভাব্য সাৱধানতা অৱলম্বন কৰিছে। স্মলপক্সৰ দৰে, এই ৰোগৰ এতিয়া ইউৰোপত সংক্ৰমণ বৃদ্ধি পাইছে।

বৰ্তমানত ১২খন দেশত দহ দিনৰ ব্যৱধানত ৯০তকৈও অধিক সংক্ৰমণ সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে।
বিশ্ব স্বাস্থ্য সংস্থাই আশংকা কৰিছে যে অনাগত দিনত এই সংক্ৰমিত ৰোগীৰ সংখ্যা বৃদ্ধি পাব।

আমেৰিকা যুক্তৰাষ্ট্ৰত এজন ৰোগী বিৰল ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ পিছত নিউয়ৰ্কৰ স্বাস্থ্য বিষয়াসকলে মাঙ্কিপক্স সম্পৰ্কে বিশেষ সাৱধানতা অৱলম্বন কৰি আছে। আফ্ৰিকাত মাঙ্কিপক্সৰ অজস্ৰ প্ৰাদুৰ্ভাৱ লক্ষ্য কৰা বিজ্ঞানীসকলে কৈছে যে, শেহতীয়াকৈ ইউৰোপ আৰু উত্তৰ আমেৰিকাত এই ৰোগ বিয়পি পৰাৰ বাবে তেওঁলোক আচৰিত হৈছিল। এই স্মলপক্স সম্পৰ্কীয় ৰোগটো আগতে কেৱল মধ্য আৰু পশ্চিম আফ্ৰিকাৰ ব্যক্তিসকলৰ ক্ষেত্ৰত দেখা গৈছিল। কিন্তু যোৱা সপ্তাহত ব্ৰিটেইন, স্পেইন, পৰ্তুগাল, ইটালী, আমেৰিকা যুক্তৰাষ্ট্ৰ, চুইডেন আৰু কানাডাত সংক্ৰমণৰ খবৰ পোৱা গৈছিল।
এই ভাইৰাছটো এতিয়া সমগ্ৰ ইউৰোপতে বিয়পি পৰিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

17 + 1 =

Check Also
Close
Back to top button