ধুমুহাৰ তাণ্ডৱ! ব্ৰহ্মপুত্ৰৰ বুকুত বুৰিল ১৫ খন নাও..
ব্ৰহ্মপুত্ৰৰ বুকুত বুৰিল ১৫ খন যন্ত্ৰ চালিত নাও৷ ইয়াৰে ১১ খন নাও উদ্ধাৰ কৰা হৈছে৷ বিচাৰি পোৱা নাই ৪ খন নাও৷অঞ্চলটোৰ কেবাখনো গাঁৱত অৰ্ধ শতাধিক পৰিয়ালৰ ঘৰ দুৱাৰ নষ্ট হৈছে
দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জত ধুমুহাৰ তাণ্ডৱ৷
ব্ৰহ্মপুত্ৰৰ বুকুত বুৰিল ১৫ খন যন্ত্ৰ চালিত নাও৷ ইয়াৰে ১১ খন নাও উদ্ধাৰ কৰা হৈছে৷ বিচাৰি পোৱা নাই ৪ খন নাও৷অঞ্চলটোৰ কেবাখনো গাঁৱত অৰ্ধ শতাধিক পৰিয়ালৰ ঘৰ দুৱাৰ নষ্ট হৈছে৷
দক্ষিণ শালমাৰা মানকাচৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি শৰিফুল ইছলাম প্ৰধানীয়ে উক্ত ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ পৰিস্থিতিৰ বুজ লয়৷ একমাত্ৰ নাঁৱৰ ওপৰতে নিৰ্ভৰ কৰি পৰিয়াল চলোৱা নাৱৰীয়াসকলক চৰকাৰে সাহায্য প্রদান কৰি ধুমুহাৰ ফলত আন আন ক্ষতিগ্ৰস্ত পৰিয়ালকো সহায় কৰিবলৈ চৰকাৰ আৰু প্ৰশাসনক আহ্বান জনায়৷