অসমজীৱনশৈলীস্বাস্থ্য

উচ্চতা তেওঁৰ মাত্ৰ ২ ফুট! পিছে আন হাজাৰ জনক শিকাইছে আকাশ চুবলৈ…

খিৰুদ নামৰ ৪২ বছৰীয়া এজন বিশেষ ব্যক্তিয়ে মৃত্যুক জয় কৰি দেখুৱাইছে জীয়াই থকাৰ নতুন উদ্যম

এগৰাকী ২ ফুট ৪ ইঞ্চি উচ্চতাৰ শিক্ষক এতিয়া আদৰ্শ হৈ পৰিছে বহুজনৰ।

খিৰুদ নামৰ ৪২ বছৰীয়া এজন বিশেষ ব্যক্তিয়ে মৃত্যুক জয় কৰি দেখুৱাইছে জীয়াই থকাৰ নতুন উদ্যম।

বিশেষভাৱে সক্ষম খিৰুদৰ জন্মৰ পাছতেই জীয়াই থকাৰ আশা অতি কম আছিল। তেওঁ কয় যে, “জন্মতে চিকিৎসকে মই বেছিদিন জীয়াই নাথাকিম বুলিয়ে কৈছিল। কিন্তু মোৰ মা – দেউতাই আশা এৰি দিয়া নাছিল। ৩ বছৰ বয়সলৈকে মোৰ শৰীৰৰ গঠনৰ কোনো পৰিৱৰ্তন নেদেখি মা দেউতাই চিকিৎসকৰ ওচৰলৈ গৈছিল আৰু চিকিৎসকে মই ইমান দিনলৈকে জীয়াই থকা দেখা পাই প্ৰায় আচৰিত হৈ পৰিছিল। তাৰ পাছত তেওঁলোকে কিছুমান দৰৱ লিখি দিছিল যদিও মা – দেউতাই টকাৰ অভাৱত মোক বেছিদিন দৰৱৰ যোগান ধৰিব পৰা নাছিল”।

দেউতাকে খিৰুদক বিদ্যালয়ত নাম ভৰ্তিৰ বাবে লৈ গৈছিল যদিও তেওঁক নামভৰ্তি কৰিবলৈ দিয়া হোৱা নাছিল। সেয়ে দেউতাকে খিৰুদক ঘৰতে শিক্ষা দিয়া আৰম্ভ কৰিছিল।

ঘৰৰ আৰ্থিক অৱস্থাৰ প্ৰতি লক্ষ্য কৰি খিৰুদে মাক দেউতাকক সহায় কৰিবৰ বাবেই খুৱ কম বয়সৰ পৰাই কণ কণ শিশুসকলক শিক্ষা দিয়া আৰম্ভ কৰিছিল। আৰু পাছলৈ এখন স্থানীয় বিদ্যালয়ত শিক্ষতাও কৰিছিল।

সকলো ঠিকেই চলি আছিল, কিন্তু বাটত আছিল কণা বিধি.. এদিন হঠাতে খিৰুদৰ জীৱনলৈ নামি আহিল এজাক ধুমুহা।
এটা দুৰ্ঘটনাত তেওঁ ভৰি এখন হেৰুৱাত পুনৰ জীৱনৰ গতি পথ সলনি হৈ পৰে। এটি কণমানি শিশুৰ দৰে মাকে তেওঁৰ দৈনন্দিন জীৱনৰ কাম কাজ চলাই যোৱাত সহায় কৰিব লগা হ’ল আৰু শেষত বিদ্যালয়খনৰ শিক্ষকতাৰ চাকৰিটোৱো তেওঁ এৰিব লগা হ’ল।

তথাপিও সাহস নেহেৰুৱালে খিৰুদে। এখন গেলামালৰ দোকান দি জীৱন নিৰ্বাহৰ পথ বাছি লৈছে ৪২ বছৰীয়া খিৰুদে।
চলা ফিৰা কৰিব নোৱাৰা খিৰুদক তেওঁৰ আত্মীয় সকলেও যথেষ্ট সহায় কৰি আহিছে বুলি তেওঁ জানিবলে দিয়ে।

খিৰুদে কয়, এটা সুস্থ শিশু আৰু বিকলাংগ শিশুৰ মাজত কোনো পাৰ্থক্য নাই। এজন সুস্থ মানুহে কৰিব পৰা সকলো কামে কৰিব পাৰে এজন বিশেষভাৱে সক্ষম লোকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.