দৈনিক বাতৰিপ্ৰযুক্তিভাৰত

শিল্পী পিতা-পুত্ৰৰ হাতত প্ৰাণ পাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ১৪ ফুট উচ্চতাৰ আইৰনৰ মূৰ্তি

বাংগালুৰুৰ এখন পাৰ্কত স্থাপন কৰা হ'ব প্ৰধানমন্ত্ৰীৰ এই মূৰ্তিটো

অন্ধ্ৰপ্ৰদেশৰ গুনটুৰ জিলাত সাজি উলিওৱা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এটি ১৪ ফুট উচ্চতাৰ মূৰ্তি। পেলনীয়া আইৰনৰ সামগ্ৰীৰে নিৰ্মাণ কৰা হৈছে এই মূৰ্তিটো।

অন্ধ্ৰপ্ৰদেশৰ তেনালীৰ ‘সূৰ্য শিল্প শালা’ নামৰ কলাকেন্দ্ৰৰ গৰাকী ভেংকটেশ্বৰ ৰাও আৰু তেওঁৰ পুত্ৰই নিৰ্মাণ কৰিছে এই বিশেষ মূৰ্তি। প্ৰায় ১৫ জন শিল্পীয়ে দুমাহ সময়ৰ ব্যৱধানত চলাইছিল মূৰ্তি নিৰ্মাণৰ প্ৰস্তুতি।

নৰেন্দ্ৰ মোদীৰ আইৰনৰ মূৰ্তি

উল্লেখযোগ্য যে, শিল্পীগৰাকীয়ে এই মূৰ্তি নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰিছে পেলনীয়া অটোমোবাইলৰ অংশ, ধাতুৰ চেইন, চকা, ৰদ, নট-বল্ট, আৰু অন্যান্য ভগা ধাতুৰ অংশ।

বাংগালুৰুৰ এখন পাৰ্কত স্থাপন কৰা হ’ব প্ৰধানমন্ত্ৰীৰ এই মূৰ্তিটো।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

ten − 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.