অসমধৰ্মীয়

শুৱালকুছিত পালন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ তিৰোভাৱ তিথি

হৰি নাম কিৰ্তনেৰে মুখাৰিত হৈ পৰিল শুৱালকুছি

অসমীয়া জাতিৰ ৰাজহাড় স্বৰুপ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আজি ৪৫৩ সংখ্যক তিৰোভাৱ তিথি।

ৰাজ্যৰ বিভিন্ন সত্ৰ নামঘৰৰ লগতে কৰ্ম আৰু ধৰ্মৰ মিলনভূমি বস্ত্ৰনগৰী শুৱালকুছিতো পুৱাৰে পৰা নাম প্ৰসংগৰে মুখৰিত হৈ পৰিছে প্ৰতিখন সত্ৰ নামঘৰ। শংকৰদেৱৰ গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে প্ৰতি বছৰে বৰপেটা সত্ৰৰ আৰ্হিত শুৱালকুছিৰ সত্ৰ সমূহতো পালন কৰা হয় ‘গুৰু কীৰ্তন’ হিচাপে।

পৰম্পৰা অনুসৰি শ শ বছৰ ধৰি গুৰু কীৰ্তন উৎসৱ ৭ দিনীয়া কাৰ্যসূচীৰে পালন হৈ আহিছে। ৭ দিন পূৰ্বৰ পৰাই ধৰ্মীয় পৰম্পৰা আৰু ১৪ প্ৰসঙ্গৰ মাজেৰে আয়োজন কৰা গুৰু কীৰ্তনৰ আজি পুৱা উষা কীৰ্ত্তন প্ৰসংগ, আইসকলৰ নাম, ভকত সকলৰ নাম প্ৰসঙ্গ,  বায়ন সকলৰ খোল তাল প্রসঙ্গ আদি বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হয়। বিশেষকৈ শুৱালকুছি ৪০০ বছৰ পুৰনি ঈশ্বৰ শ্ৰী শ্ৰী হাটিসত্ৰ আৰু ঈশ্বৰ শ্ৰী শ্ৰী ডেকাবাপু সত্ৰ প্ৰাঙ্গনতো পালন কৰা হয় গুৰুজনাৰ তিৰোভাব তিথি।

গুৰুজনাৰ তিথি উপলক্ষে হৰি নাম কিৰ্তনেৰে মুখাৰিত হৈ পৰে হাটিসত্ৰ আৰু ডেকা বাপু সত্ৰৰ প্ৰাঙ্গন ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.