অপৰাধ

ধৰ্ষণকাণ্ডক কেন্দ্ৰ কৰি এগৰাকী মুখ্যমন্ত্ৰীৰ চাঞ্চল্যকৰ মন্তব্য

নিশাটো ল’ৰা-ছোৱালী ক’ত কটাই সেয়া খবৰ ৰখাটো পিতৃ-মাতৃৰ দায়িত্ব?

ধৰ্ষণকাণ্ডক কেন্দ্ৰ কৰি এগৰাকী মুখ্যমন্ত্ৰীয়ে দিয়া মন্তব্যই চাঞ্চল্যৰ সৃষ্টি কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, নিশাটো ল’ৰা-ছোৱালী ক’ত কটাই সেয়া খবৰ ৰখাটো পিতৃ-মাতৃৰ দায়িত্ব।

২৪ জুলাইত গোৱাত এক ধৰ্ষণ কাণ্ড সংঘটিত হয়। ঘটনাৰ বিৱৰণী অনুসৰি ১০ গৰাকী কিশোৰ-কিশোৰী সাগৰৰ পাৰলৈ গৈছিল। ৬ জন উভতি আহিছিল যদিও ২ জন কিশোৰ আৰু ২ গৰাকী কিশোৰী নিশা তাতে কটাইছিল। তাৰ পিছতেই কিশোৰী ২ গৰাকীৰ লগত ধৰ্ষণ আৰু কিশোৰ দুজনক মাৰপিট কৰা ঘটনা সংঘটিত হয়।

গোৱাত হোৱা কিশোৰীৰ ধৰ্ষণকাণ্ডই সমগ্ৰ ৰাজ্যতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। তেনে সময়তে গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তে এই সন্দৰ্ভত এক বিতৰ্কমূলক মন্তব্য প্ৰদান কৰে। তেওঁ কয় যে, ‘পিতৃ-মাতৃয়ে চাব লাগে যে তেওঁলোকৰ ল’ৰা-ছোৱালী ক’ত যায়। ১৪ বছৰীয়া লৰা ছোৱালী গোটেই নিশা ক’ত কটাই সেয়া খবৰ ৰখাটো পিতৃ-মাতৃৰ দায়িত্ব। এই ক্ষেত্ৰত চৰকাৰ আৰু আৰক্ষীক সম্পূৰ্ণ দোষাৰোপ কৰিব নোৱাৰে”। ইয়াৰ পিছতেই মুখ্যমন্ত্ৰীগৰাকী তীব্ৰ সমালোচনাৰ সন্মুখীন হয়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 + fourteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.