অসমগুৱাহাটীদৈনিক বাতৰি

ৰূপত ভোল নাযাব! সুন্দৰীয়েই দীৰ্ঘদিন ধৰি মহানগৰত মেলিছিল প্ৰৱঞ্চনাৰ জাল

মহানগৰত পুনৰ দুই যুৱকসহ মহিলা প্ৰৱঞ্চকক গ্ৰেপ্তাৰ

মহানগৰত পুনৰ দুই যুৱকসহ মহিলা প্ৰৱঞ্চকক গ্ৰেপ্তাৰ৷ ভঙাগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৩ প্ৰৱঞ্চকক।

গ্ৰেপ্তাৰ হোৱা তিনি প্ৰৱঞ্চক ক্রমে নিকিতা তিয়াৰী, গীতনগৰৰ জ্যোতিষ্মান লহকৰ, নাগালেণ্ডৰ ৰাজেশ মণ্ডল আৰক্ষীয়ে উদালবাক্ৰাৰ পৰা গ্ৰেপ্তাৰ কৰিছে তিনি প্ৰৱঞ্চকক।

অভিযোগ অনুসৰি এই ৩ প্ৰৱঞ্চকে জাল পেলাই দীৰ্ঘদিনৰ পৰা কৰি লুটিছিল বহুজনক। নিকি তিয়াৰীক পানবজাৰ মহিলা থানাত আৰু আন দুই প্ৰৱঞ্চকক আছে ভঙাগৰৰ থানাত ৰখা হৈছে। কেইদিনমান পূর্বে পলটনবজাৰ থানাৰ মোবাইল চুৰি কেছত সাঙোৰ খাইছিল নিকিতা তিয়াৰীৰ নাম।

ৰিয়েল ষ্টেট বিজনেছত জড়িত বুলি কৈ মানুহৰ পৰা ধন হলুকিৰো অভিযোগ নিকিতা তিয়াৰীৰ বিৰুদ্ধে। এই তিনি প্ৰৱঞ্চকে ঋষিৰাজ শ‍ইকীয়া নামত এজন সুৰা ব্যৱসায়ীৰ পৰা কৌশলেৰে সৰকাইছিল ১ লাখ টকা।

৭ ফেব্ৰুৱাৰীত এই তিনি প্রবঞ্চকৰ বিৰুদ্ধে দিছপুৰ আৰক্ষী থানাটো ৰুজু হৈছে গোচৰ। মহানগৰীৰ বহুকেইখন থানাত ৰুজু হৈ আছে প্ৰৱঞ্চকৰ বিৰুদ্ধে গোচৰ। জ্যোতিষ্মান লহকৰ আৰু নাগালেণ্ডৰ ৰাজেশ মণ্ডলক স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ যোৱা হৈছে। সৰ্বমুঠ ১১ খন থানাত ৰুজু হৈ আছিল অভিযুক্ত তিনিওটা অভিযুক্তৰ বিৰুদ্ধে গোচৰ।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty + sixteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.