leatest updateআন্তঃৰাষ্ট্ৰীয়দিল্লীদৈনিক বাতৰিভাৰতমুম্বাইৰাজনৈতিক

প্ৰায় ৬০ ঘণ্টা ধৰি বিবিচিৰ কাৰ্যালয়ত আয়কৰ বিভাগৰ তালাচি !

ব্ৰিটিছ ব্রডকাষ্টিং কৰ্পৰেছন অর্থাৎ চমুকৈ বিবিচিৰ দিল্লী আৰু মুম্বাইৰ অফিচত তালাছি সামৰিছে আয়কৰ বিভাগে

প্রায় ৬০ ঘণ্টাৰ অন্তত ব্ৰিটিছ ব্রডকাষ্টিং কৰ্পৰেছন অর্থাৎ চমুকৈ বিবিচিৰ দিল্লী আৰু মুম্বাইৰ অফিচত তালাছি সামৰিছে আয়কৰ বিভাগে। প্রায় ৩ দিন ধৰি তালাছি চলিছিল বিবিচিৰ কার্যালয়ত। বিবিচিৰ সঞ্চালকসহ মুঠ ১০ গৰাকী কৰ্মচাৰীক এৰি দিবলৈ বাধ্য কৰাই আয়কৰ বিভাগে। টুইটত উল্লেখ থকা অনুযায়ী, ‘আয়কৰ বিভাগে দিল্লী আৰু মুম্বাইত আমাৰ কাৰ্যালয়ত তালাচি সামৰিছে। আমি তেওঁলোকক সম্পূর্ণ সহযোগিতা আগবঢ়াইছো।

ইয়াৰোপৰি টুইটত লেখা অনুসৰি, ‘আমাৰ কৰ্মীসকলৰ যিসকলে প্রায় ৩ দিন ধৰি কাৰ্যালয়ত আছিল, বা তালাচিত সহায়- সহযোগিতা কৰিছিল তেওঁলোকক অগ্ৰাধিকাৰ দিয়াটো আমাৰ কর্তব্য। বিবিচি এটা অতি বিশ্বস্ত, স্বাধীন সংবাদমাধ্যম। আমি আমাৰ সহকৰ্মী আৰু সাংবাদিকৰ কাষত সদায়ে আছো। যিসকলে ভয় খাইছে তেওঁলোকো সাহসী হওক। প্রকৃত খবৰ দৰ্শকৰ মাজলৈ লৈ যাবলৈ সাজু হওক।

উল্লেখ্য যে আয়কৰ বিভাগৰ তালাচি আৰম্ভ হৈছিল মঙলবাৰে দিনৰ ১১ বজাৰ পৰা। বৃহস্পতিবাৰে মাজনিশা সামৰণি পৰে এই তালাচিৰ ৷ এই পৰিস্থিতিত কৰ্মীসকলক মানসিকভাৱে প্ৰস্তুত থাকিবলৈ ইমেইল কৰিছিল বিবিচিৰ কৰ্তৃপক্ষই। মূলত কৰফাঁকি আৰু ট্ৰেন্সফাৰ প্ৰাইছিং সংক্রান্তিয় বিষয়ক লৈ তালাচি চলিছিল বিবিচিৰ কাৰ্যালয়ত।

চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে আয়কৰ বিভাগে বিবিচিৰ কম্পিউটাৰ, ফাণ্ড ট্ৰেন্সফাৰ, ফৰেন ট্ৰেন্সফাৰ আদি কিছু শব্দ অত্যাধিক পৰিমানে ব্যৱহাৰ হোৱাৰ তথ্য পোৱা গৈছে। কেইটামান সপ্তাহৰ পূৰ্বে বিবিচিৰ তথ্যচিত্র ‘ইণ্ডিয়াঃ দ্যা মোদী কোৱেশ্ব্যন’ ত দুই দশক পূৰ্বে গুজৰাটত সংঘটিত গোধৰাকাণ্ডৰ সাম্প্ৰদায়িক হিংসাৰ প্ৰতিচ্ছবি তুলি ধৰিছিল। বিবিচিৰ এই ডকুমেণ্টৰীখনক লৈ আপত্তি দৰ্শাইছিল কেন্দ্ৰীয় চৰকাৰে। এয়া এক অপপ্ৰচাৰ বুলিও দাবী কৰিছিল কেন্দ্ৰই। কিন্তু বিবিচিয়ে দাবী কৰা অনুযায়ী যথেষ্ট গৱেষণাৰ অন্তত এই তথ্যচিত্ৰ নিৰ্মাণ কৰা হৈছে।

চলিত বৰ্ষৰ জানুৱাৰী মাহত কেন্দ্ৰই ইউটিউব আৰু টুইটাৰৰ পৰা বিবিচিৰ তথ্যচিত্ৰখনৰ লিংক উঠাই দিবলৈ নির্দেশ দিয়ে। IT-২০২১ ৰ নিয়ম অনুসৰি এই ডকুমেণ্টৰীখন উঠাই ল’বলৈ বিবিচিক হেঁচা প্ৰয়োগ কৰা বুলিও প্ৰকাশ কৰিছিল বিবিচিৰ কৰ্তৃপক্ষই। অৱশ্যে কংগ্ৰেছকে ধৰি বিৰোধী দলসমূহে এই ডকুমেণ্ট প্ৰচাৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰা দেখা গৈছে ৷ বিগত সপ্তাহতেই উচ্চতম ন্যায়ালয়েও বিবিচিৰ তথ্যচিত্ৰৰ ওপৰত দিয়া নিষেধাজ্ঞা উঠাই লোৱা বুলি জানিব পৰা গৈছে ৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seven − 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.