Socialঅসম

জন্ম নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কি গুৰুত্বপূৰ্ণ ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে?

জন্ম নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ৰাজনীতিক আজুৰি নানিবলৈ অনুৰোধ জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে

জন বিস্ফোৰণ হৈছে এখন ৰাজ্য, এখন দেশৰ অৰ্থনৈতিক সংকটৰ অন্যতম কাৰণ। অসমৰ সংখ্যালঘূ মুছলমান লোকসকলৰ  অৰ্থনৈতিক দুৰৱস্থা আৰু দৰিদ্ৰতাৰ অন্যতম কাৰণেই হ’ল জনসংখ্যা বিস্ফোৰণ।

সদনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসমৰ বৰ্দ্ধিত জনসংখ্যাৰ কথা উল্লেখ কৰি ঘোষণা কৰে এই কথা। জন্ম নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো মতামত দাঙি ধৰিলে মুখ্যমন্ত্ৰীয়ে।

বৰ্তমান অসমত বৃদ্ধি পোৱা মুছলমান সংখ্যালঘূ লোকসকলৰ জনসংখ্যা বৃদ্ধিৰ কথা উল্লেখ কৰি তেওঁ কয় যে, নামনি অসম আৰু মধ্য অসমত থকা মুছলমান লোকসকলে গভীৰ দুঃশ্চিন্তাত ভুগি আছে। অসমত হিন্দু মানুহৰ তুলনাত মুছলমান লোকসকলৰ জনসংখ্যা গড় অনুপাতে অত্যাধিক।

জন্ম নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ৰাজনীতিক আজুৰি নানিবলৈ অনুৰোধ জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ কয় যে, জনসংখ্যা বৃদ্ধিৰ ক্ষেত্ৰত প্ৰতিবাদ কৰিবলগীয়া কোনো কথা নাই। কিয়নো জনসংখ্যা বৃদ্ধিৰ বাবেই মানুহৰ মাজত দৰিদ্ৰতা বৃদ্ধি পাইছে।
কংগ্ৰেছ, বিজেপি, এ আই ইউ ডি এফ কোনো দলৰে মাজত ব্যৱধান নাৰাখি এই বিষয়টোৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগে। দৰিদ্ৰতাক লৈ কোনেও ৰাজনীতি নকৰে। জন্ম নিয়ন্ত্ৰণৰ ওপৰত গুৰুত্ব দিয়াৰ লগতে শিক্ষাৰ বিকাশ আৰু স্বাস্থ্যৰ বিকাশৰ ক্ষেত্ৰতো সকলোৱে অধিক গুৰুত্ব আৰোপ কৰাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

16 + 16 =

Back to top button