অসমৰাজনৈতিক

অখিল গগৈক মানসিক ৰোগী বুলি আখ্যা দিয়াৰ পিছত মুখ্যমন্ত্ৰীক উভতাই ধৰে লুৰিণ জ্যোতিয়ে

“অসমৰ জনগণৰ বিপদৰ সময়ত বিধানসভাৰ মজিয়াত তৰল মন্তব্য কৰি সদনক বিপথে পৰিচালিত নকৰিব”। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি এই মন্তব্য আগবঢ়াই লুৰিণজ্যোতি গগৈয়ে। নাহৰকটীয়াত উপস্থিত হৈয় হোম আইচলেচনত থকা নাহৰকটীয়া  অঞ্চলৰ ৫০ টা পৰিয়ালক প্ৰয়োজনীয় সা-সামগ্ৰী বিতৰণ কৰে অজাপৰ সভাপতি গৰাকীয়ে।

নাহৰকটীয়া বিধানসভা সমষ্টিৰ অধীনৰ দীঘলীয়া, মেৰবিল, আমগুৰি আৰু বৰবাম পঞ্চায়তৰ অন্তৰ্গত গাওঁ সমূহত ক’ভিডত আক্ৰান্ত হৈ হোম আইচ’লেচনত থকা প্ৰায় ৫০টা পৰিয়ালক দৈনিক প্ৰয়োজনীয় বিভিন্ন বয় বস্তু বিতৰণ কৰে লুৰিণজ্যোতি গগৈয়ে। এই সামগ্ৰী বিতৰণ অনুষ্ঠানতে চৰকাৰে জাৰি কৰা ক’ভিড প্ৰটকল সমোহ মানি চলিবলৈ ৰাজ্যবাসীক আহ্বান জনায় লুৰিণজ্যোতি গগৈয়ে।

ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈক মানসিক ৰোগী বুলি আখ্যা দিয়াৰ পিছতেই নাহৰকটীয়াত সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত তেওঁ কয়, বিধানসভাৰ মজিয়াত এনেকুৱা ধৰণৰ আলোচনা কৰাটো উচিত নহয়। বিধানসভাত জনগণৰ বিভিন্ন সমস্যা সমাধানৰ উপায়, জাতীয় জীৱনৰ বিভিন্ন প্ৰশ্ন আৰু আন আন আনুসাংগিক কথা সমূহৰ ওপৰতহে আলোচনা হব লাগে। বিশেষকৈ এই সময়ৰ মূল সংকট ক’ভিডৰ সম্পৰ্কতহে বিধানসভাত আলোচনা হোৱাটো উচিত। ৰাজ্যৰ জনগণৰ এই বিপদৰ সময়ত এনেধৰণৰ তৰল মন্তব্য কৰি বিধানসভাক বিপথে পৰিচালিত কৰাটো উচিত নহয়। সেয়েহে এই বিপদৰ সময়ত মুখ্যমন্ত্ৰী গৰাকীক সংযম হোৱাৰ লগতে এই বিতৰ্কৰ অৱসান কৰিবলৈ আহ্বান জনায় লুৰিণজ্যোতি গগৈয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nine + seven =

Back to top button