ৰাজনৈতিক

মহিলাসকলক চৰকাৰত যোগদান কৰিবলৈ আহ্বান তালিবানৰ

পূৰ্বৰ তথ্য অনুসৰি তালিবানৰ অধীনত মহিলাসকল কেতিয়াও সুৰক্ষিত নাছিল

তালিবানে আফগানিস্তান দখন কৰাৰ পাছতে সৃষ্টি হৈছে তীব্ৰ আলোড়নৰ। কাবুলত আক্ৰমনৰ পাছত বহু লোক এতিয়া আতংকত কাবুল এৰি পলোৱা পৰিলক্ষিত হৈছে।

আফগানিস্তানৰ মুখ্য বিমানবন্দৰত সৃষ্টি হোৱা ভয়ংকৰ বিশৃংখলতাৰ এদিন পিছতেই তালিবানে মহিলাসকলক তেওঁলোকৰ চৰকাৰত যোগদান কৰিবলৈ আহ্বান জনায়। মহিলাৰ অধিকাৰক সন্মান জনোৱাৰ লগতে তেওঁলোকৰ সৈতে যুঁজ দিয়া সকলক ক্ষমা কৰাৰো প্ৰতিশ্ৰুতি দিয়ে তালিবানে।  পিছে বহুতো আফগান সন্দিহান হৈ আছে।

পূৰ্বৰ তথ্য অনুসৰি তালিবানৰ অধীনত মহিলাসকল কেতিয়াও সুৰক্ষিত নাছিল আৰু ঘৰতেই আৱদ্ধ হৈ থাকিবলৈ বাধ্য হৈছিল।

আফগানসকলে তালিবানৰ পূৰ্বৰ অতিৰক্ষণশীল ইছলামিক দৃষ্টিভংগী আৰু হিংসাত্মক কাৰ্যকলাপৰ কথা মনত পেলাই অধিক আতংকিত হৈ লোকসকলে দেশ ত্যাগ কৰা পৰিলক্ষিত হৈছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seventeen − four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.