ৰাজনৈতিক

আফগানিস্তানত থকা ভাৰতীয় লোকক উদ্ধাৰৰ বাবে বিশেষ প্ৰস্তুত

মুকলি কৰা হৈছে এক ফাষ্ট-ট্ৰেক ইলেকট্ৰনিক ভিছা

আফগানিস্তানৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতৰ গৃহ মন্ত্ৰণালয়ে ভিছাৰ ব্যৱস্থাসমূহ পৰ্যালোচনা কৰি আছে৷ ভাৰতত প্ৰৱেশৰ বাবে ‘e-Emergency X-Misc Visa’  নামৰ এক ফাষ্ট-ট্ৰেক ইলেকট্ৰনিক ভিছা ব্যৱস্থা মুকলি কৰা হৈছে৷- এই কথা সদৰি কৰে মঙলবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ এগৰাকী মুখপাত্ৰই।

যিহেতু আফগানিস্তানত ভাৰতীয় মিছন বন্ধ কৰা হৈছে, গতিকে এই ভিছাসমূহ নতুন দিল্লীতে অনলাইযোগে পৰীক্ষা আৰু সংশোধিত কৰা হ’ব৷ এই ভিছাসমূহ ছয় মাহৰ বাবেহে কাৰ্যকৰী হ’ব৷

উল্লেখ্য যে, দেওবাৰে আফগানিস্তানৰ ৰাজধানীত প্ৰৱেশ কৰে উগ্ৰপন্থী সংগঠন তালিবানে৷ ইয়াৰ পিছতেই তালিবানৰ আগত আত্মসমৰ্পণ কৰি দেশ এৰি পলায়ন কৰে আফগানিস্তানৰ ৰাষ্ট্ৰপতি আশ্বৰফ ঘানীয়ে৷ লগে লগেই আফগানিস্তানত অন্তৰ্ৱৰ্তীকালীন চৰকাৰ গঠনৰ কথা ঘোষণা কৰে তালিবানে৷ তালিবানে শাসনভাৰ হাতত লোৱাৰ লগে লগে হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় দেশখনৰ নাগৰিকসকল মাজত৷ পুনৰবাৰ অন্ধকাৰৰ মাজলৈ যায় দেশখনত মহিলাসকলৰ ভৱিষ্যত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

15 − 1 =

Back to top button