অপৰাধঅসম

ছাত্ৰনেতা ত্ৰিনয়ন বৰুৱাক নাকী লগাব কোনে!

একাংশ উদণ্ড কটনিয়ানে পুনৰ কালিমা সানিলে ঐতিহ্যমণ্ডিত কটনৰ গৰিমাত।

ৰাজপথত কটনিয়ানৰ গুণ্ডাগিৰি কোনো নতুন কথা নহয়। পুনৰবাৰ বিতৰ্কৰ মাজত কটনৰ ছাত্ৰ। একাংশ উদণ্ড কটনিয়ানে পুনৰ কালিমা সানিলে ঐতিহ্যমণ্ডিত কটনৰ গৰিমাত। এইবাৰ কটনিয়ানৰ বিৰুদ্ধে অভিযোগ উঠিছে ৰেপিড চালকক মাৰপিটৰ। এই অভিযোগ উত্থাপন হৈছে অসম ছাত্ৰ পৰিষদৰ সভাপতি ত্ৰিনয়ন বৰুৱাৰ বিৰুদ্ধে। ত্ৰিনয়ন বৰুৱা কটনৰ প্ৰাক্তন সভাপতিও আছিল। শনিবাৰে নিশা সংঘটিত হৈছিল এই ঘটনা। ঘটনা অনুসৰি, ৰেপিড চালক ছাজিদ চৌধুৰী নামৰ এজন যুৱকক মাৰপিট কৰিছিল একাংশ উদণ্ড কটনিয়ানে। পল্টনবজাৰ ৰে’ল ষ্টেচনৰ সমীপত সংঘটিত হৈছিল এই ঘটনা। ৰঙা ৰঙৰ ছুইফট লৈ আহিছিল ৫জন যুৱকে। এই ঘটনাত গুৰুতৰভাৱে আহত হয় ৰেপিড চালক ছাজিদ চৌধুৰী। উক্ত ঘটনা সন্দৰ্ভত ত্ৰিনয়ন বৰুৱাৰ বিৰুদ্ধে পাণবজাৰ থানাত গোচৰ ৰুজু কৰে ভুক্তভোগীয়ে। আৰক্ষীৰ জেৰাৰ সন্মুখীন অভিযুক্ত ত্ৰিনয়ন। নিশাটো পাণবজাৰ আৰক্ষী চকীতে কটাবলগীয়া হয় ছাত্ৰনেতা জনে। ত্ৰিনয়ন বৰুৱাৰ আক্ৰমণৰ বলি হোৱা ছাজিদ চৌধুৰীক মেনেজ কৰা চেষ্টা কৰিছে বিভিন্ন জনে। অসম ছাত্ৰ পৰিষদৰ বহু নেতাৰ ওপৰিও ৰাজনৈতিক নেতা পৰা বিষয়তো বুজা বুজি কৰিবলৈ ফোনযোগে যোগাযোগৰ চেষ্টা কৰিছে ছাজিদক।

 

 

 

পাণবজাৰ থানাত ত্ৰিনয়ন বৰুৱাৰ বিৰুদ্ধে IPC 382, IPC 341, IPC 326, IPC 34 ধাৰাত আৰোপিত হৈছে গোচৰ। নীতিবহিৰ্ভূতভাৱে হোষ্টেলত থকাৰো অভিযোগ উঠিছে ত্ৰিনয়নৰ বিৰুদ্ধে। ত্ৰিনয়ন বৰুৱাৰ বিৰুদ্ধে গোচৰত জামিনবিহীন IPC 382 ধাৰা সংযোজিত হোৱাৰ পাছতো পানবজাৰ আৰক্ষীয়ে তীব্ৰ ৰাজনৈতিক হেঁচাত লবলৈ বাধ্য হৈছে নৰম স্থিতি।
কিন্তু পাণবজাৰ থানাত উপস্থিত হৈ নিজৰ স্থিতি সলনি কৰিছে ভুক্তভোগীয়ে। বুজা বুজি হোৱাটো এক প্ৰকাৰৰ নিশ্চিত হৈছে। ইতিমধ্যে পাণবজাৰ থানাত ভিৰ কৰিছেহি একাংশ পালিনেতাই। স্বাস্থ্য পৰীক্ষাৰ বাবে ত্ৰিনয়ন বৰুৱাক নিয়া হৈছে ধীৰেণপাৰা চিকিৎসালয়লৈ। এতিয়া প্ৰশ্ন হয় কিহৰ বাবে স্থিতি সলনি কৰিছে ভুক্তভোগীয়ে! উচিত শাস্তি পাবনে ত্ৰিনয়ন বৰুৱাই!

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 − 4 =

Back to top button