AssamCity newsঅসমগুৱাহাটীচিকিৎসাদৈনিক বাতৰিবিশ্বভাৰতস্বাস্থ্য

হাঁহিলে তুমি মুকুটা মণি সৰে…. কেনেকৈ যতন ৰাখিব দাঁত দুপাৰিৰ?

মানুহৰ জীৱনত আহৰন কৰিব লগীয়া আটাইতকৈ ডাঙৰ সম্পদ হৈছে স্বাস্থ্য। স্বাস্থ্য পৰম সম্পদ। স্বাস্থ্য, মানে দেহা থাকিলেহে বেহা। উল্লেখনীয় কথাটো হৈছে যে ব্যক্তিৰ সাধাৰণ স্বাস্থ্য আহৰন আৰু ৰক্ষা কৰাত দাঁত দুপাৰিৰ ভূমিকা অধিক। শৰীৰৰ গুৰুত্বপূৰ্ণ অংগ সমূহৰ ভিতৰত দাঁত দুপাৰি অন্যতম। ব্যক্তিৰ শাৰীৰিক, মানসিক আৰু সামাজিক স্বাস্থ্য গঠনত দাঁত দুপাৰিয়ে যথেষ্ট প্ৰভাৱ পেলায়। খাদ্য বস্তু চোবাই গুৰি কৰি খাই ,খোৱাৰ সোৱাদ, তৃপ্তি আৰু মজা লোৱাৰ লগতে দাঁত দুপাৰিয়ে শব্দৰ সঠিক উচ্চাৰণত সহায় কৰি ব্যক্তিৰ কথন ভংগীত সুৱগা চৰায়।

দুপাৰি সুস্থ, সবল দাঁত আৰু এটি উজ্জ্বল হাঁহি নিসন্দেহে সৌন্দৰ্যৰ আকৰ, এক সুন্দৰ ব্যক্তিত্বৰ পৰিচায়ক ।সুগঠিত, চিকচিকিয়া, বগা দুপাৰি দাঁতৰে সৈতে এখন নিৰোগী মুখৰ গৰাকী হ’ব পৰাটো সচাকৈয়ে পৰম সৌভাগ্য। প্ৰতিজন মানুহে নিজৰ অভিজ্ঞতা আৰু জীৱন বাটত আহৰণ কৰা নিম্নতম জ্ঞানৰ পৰা এই কথা জানে যে দাঁতৰ সুস্বাস্থ্যৰ ওপৰত মানুহৰ দৈনন্দিন জীৱনৰ সুখ শান্তি, দেহ মনৰ সৌন্দৰ্য আৰু জীয়াই থকাৰ আনন্দ বহু পৰিমাণে নিৰ্ভৰ কৰে। বিশ্ববিশ্ৰুত সাহিত্যিক শ্বেইকছপীয়েৰে কৈছিল যে- ‘There was never yet philosopher that could endure the toothache patiently’. স্থিতধী দাৰ্শনিকৰ পক্ষেও দাঁতৰ বিষৰ যন্ত্ৰণা সহ্য কৰিব পৰাটো অসম্ভব। কিন্তু সময়ত, সঠিক নিয়ম প্ৰণালীৰে দাঁতৰ যতন লব জানিলে দাঁতৰপৰা উদ্ভৱ হোৱা বহু বিষময় জটিল সমস্যাৰ পৰা হাত সাৰি থাকিব পৰা যায়। অকণমান সচেতনতা আৰু অলপমান যতনে দাঁত দুপাৰি সুন্দৰ, সবল আৰু ৰোগমুক্ত কৰি ৰখাত যথেষ্ট সহায় কৰে। ৰোগৰ আৰম্ভণিতে নতুবা প্ৰতি ছমাহৰ মূৰে মূৰে বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ ললে বহু ৰোগ প্ৰাৰম্ভিক অৱস্থাতে নিৰ্মূল তথা প্ৰতিৰোধ কৰি, সুন্দৰ, চাপমুক্ত জীৱন যাপন কৰিব পৰা যায়। মুঠতে এজন ব্যক্তিৰ শাৰীৰিক, মানসিক আৰু সামাজিক স্বাস্থ্য গঠনত দাঁত দুপাৰিৰ ভূমিকা উল্লেখনীয়।

আমাৰ মুখগহ্বৰ শৰীৰটোৰ দাপোন স্বৰূপ। আমাৰ শৰীৰৰ সাধাৰণ স্বাস্থ্য মুখখনতেই প্ৰতিফলিত হয়। দাঁত মুখৰ পৰা হোৱা ৰোগৰ বাবে শৰীৰৰ বিভিন্ন অংশত, বিভিন্ন তন্ত্ৰত, যেনে: পেট,যকৃত(পাচন তন্ত্ৰ),টনচিল,চাইনাছ,হাওঁফাওঁ(স্বাসতন্ত্ৰ) হৃদযন্ত্ৰৰ বেমাৰ তথা কেন্সাৰ আদি হোৱাৰ উপৰিও কম ওজনৰ সন্তান জন্ম দিয়াৰ লগতে আগতীয়া প্ৰসৱো হব পাৰে। ঠিক তেনেদৰে শৰীৰৰ বিভিন্ন আভ্যন্তৰীণ ৰোগ, যেনে: বৃক্ক বা কিডনীৰ বেমাৰ, হাওঁফাওঁৰ ৰোগ, তেজৰ বেমাৰ, ডায়েবেটিচ, মৃগী বা মূৰ্ছা যোৱা ৰোগ, এইডছ ৰোগ আদিবোৰৰ বাবেও মুখ গহ্বৰত বিভিন্ন ধৰণৰ লক্ষণ পৰিলক্ষিত হব পাৰে। এফালে মুখগহ্বৰৰ ৰোগে যেনেকৈ গোটেই শৰীৰটোতে প্ৰভাৱ পেলায় ঠিক তেনেদৰে শৰীৰৰ বিভিন্ন তন্ত্ৰ তথা অংগ প্ৰত্যংগৰ ৰোগসমূহেও মুখগহ্বৰ বাৰুকৈয়ে প্ৰভাৱিত কৰে। সেয়েহে সাধাৰণ স্বাস্থ্যৰ উৎকৰ্ষ সাধন কৰাৰ লগতে দুপাৰি ৰোগমুক্ত, সবল নিৰোগী দাঁতৰ গৰাকী হবলৈ চেষ্টা কৰা উচিত।

আমাৰ মুখ গহ্বৰ অসংখ্য জীৱানুৰ এক ভৰাল এই জীৱাণুবোৰৰ কিছুমানে বেমাৰৰ সৃষ্টি কৰিব পাৰে আৰু কিছুমানে নোৱাৰে। কিছুমান জীৱানু স্থায়ীভাবে মুখগহ্বৰত থাকে আৰু কিছুমান অস্থায়ী প্ৰকৃতিৰ, সময়ত নিজে নিজে নাইকিয়া হয়। সাধাৰণ অৱস্থাত এই সুক্ষ্ম জীৱাণুবোৰে মুখগহ্বৰত এক সৌহাৰ্দপূৰ্ণ পৰিবেশত মিলাপ্ৰীতিৰে বাস কৰে। কিন্তু যেতিয়া প্ৰতিকূল পৰিবেশত শৰীৰৰ প্ৰতিৰোধ ক্ষমতা কমি যায়, তেতিয়া বেমাৰৰ সৃষ্টি কৰিব পৰা জীৱাণুবোৰ সক্ৰিয় হৈ উঠে আৰু এই জীৱাণুবোৰে আমি গ্ৰহণ কৰা আহাৰৰ চেনী জাতীয় খাদ্য অংশ লগত ক্ৰিয়া কৰি কিছুমান এচিড বা অম্লৰ সৃষ্টি কৰে। সময়ত এই এচিডবোৰে দাঁতৰ পৃষ্ঠ ভাগৰ কঠিন কলা এনামেল ভাগৰ ক্ষয় নিয়াই দন্তক্ষয় ৰোগৰ সৃষ্টি কৰে। দাঁত মুখৰ সাধাৰণতে হোৱা ৰোগ দুবিধ হ’ল, দন্তক্ষয় ৰোগ আৰু দাঁতৰ মাৰি বা আলুৰ ৰোগ। দন্তক্ষয় ৰোগত দাঁতৰ বৰণ সলনি হয়, ৰোগীয়ে দাঁতত একপ্ৰকাৰৰ সিৰসিৰণি অনুভৱ কৰে আৰু দাঁতত কিছুমান গাঁত(Cavity) ৰ সৃষ্টি হয়। আৰম্ভণিতে চিকিৎসা আৰম্ভ নকৰিলে দন্তক্ষয় ৰোগ বাঢ়ি গৈ গৈ দাঁতৰ ভিতৰৰ মজ্জা অংশ সংক্ৰমণ কৰিব পাৰে আৰু দাঁতৰ গুৰিত, শিপাৰ চাৰিওকাষে পূজৰ সৃষ্টি কৰি সংক্ৰমণজনিত জটিলতাৰ উদ্ভৱ কৰিব পাৰে। তাৰোপৰি অনিষ্টকাৰী, বেমাৰৰ সৃষ্টি কৰিব পৰা জীৱাণুবোৰে দাঁতক আৱৰি ধৰি ৰখা চাৰিওকাষৰ কলা বা আবেষ্টনীৰ সংক্ৰমণ ঘটাই দাঁতৰ মাৰি বা আলুৰ ৰোগৰ, যাক আমি ‘পায়েৰিয়া’বুলি কওঁ সেই ৰোগৰ সৃষ্টি কৰিব পাৰে।

‌শিশু অৱস্থাৰ পৰাই এজন ব্যক্তিৰ ব্যক্তিত্বৰ বিকাশ ঘটিবলৈ ধৰে। ব্যক্তিৰ শাৰীৰিক, মানসিক আৰু চাৰিত্ৰিক দিশ গঠনৰ ধনাত্মক আৰু ঋণাত্মক কাৰকবোৰ শিশু অৱস্থাৰ পৰাই আৰম্ভ হয়। গতিকে সেইখিনি সময়ত পিতৃ মাতৃ তথা অভিভাৱক যঠেষ্ট সচেতন হব লাগে। শিশু অৱস্থাত দেখা দিয়া কিছুমান বদ অভ্যাস, যেনে-আঙুলি চুহা,নখ কামুৰি থকা, নাক খুচৰি থকা, কলম বা পেঞ্চিল কামুৰি থকা, বেজী,আলপিন,ছেফটী পিন বা যি কোনো প্ৰকাৰৰ খৰিকা(জুইশলাৰ কাঠী ইত্যাদি)ৰে দাঁত খুচৰি বা খুচি থকা স্বভাৱবোৰ আঁতৰাবলৈ আৰু দাতঁমুখৰ সঠিক যতন লবলৈ শিকোৱাটো মাক দেউতাকৰ প্ৰধান কৰ্তব্য।

দাঁত মুখৰ ৰোগৰ প্ৰধান কাৰণ অসচেতনতা আৰু অপৰিষ্কাৰ মুখগহ্বৰ। দাঁত মুখ পৰিষ্কাৰ কৰি ৰাখিবলৈ অতি সহজ আৰু সাধাৰণ উপায় হৈছে নিয়মিত দাঁত ব্ৰাছ কৰা। দিনটোত অন্ততঃ দুবাৰ, ৰাতিপুৱা শোৱাৰ পৰা উঠি আৰু ৰাতি শেষ আহাৰ গ্ৰহণ কৰাৰ পাছত মানে শুবলৈ যোৱাৰ আগতে সঠিক পদ্ধতিৰে দাঁত ব্ৰাছ কৰাটো অতি দৰকাৰী। পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু নিয়মিত যতনে, দাতঁ দুপাৰি সুস্থ সবল কৰি ৰাখি স্বাস্থ্য, সৌন্দৰ্য সমন্বিতে এটি সুন্দৰ ব্যক্তিত্ব গঢ়ি তোলাত প্ৰভূত অৰিহণা যোগায়।

ডাঃ ৰুবী কটকী
মূৰব্বী অধ্যাপক,
কনজাৰভেটিভ ডেন্টিষ্ট্ৰী এণ্ড এন্ডদন্টিকছ বিভাগ, আঞ্চলিক দন্ত চিকিৎসা মহাবিদ্যালয়, গুৱাহাটী 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × three =

Back to top button