খেলদৈনিক বাতৰিভাৰত

পেৰা অলিম্পিকত ৰূপৰ পদক জয়ৰে ইতিহাস ৰচিলে ভাবিনাই

শুকুৰবাৰে ছেমিত প্ৰৱেশেৰে প্ৰতিযোগিতাত ভাৰতৰ হৈ প্ৰথমটো পদক নিশ্চিত কৰিছিল খেলুৱৈগৰাকীয়ে

টকিঅ’ পেৰা অলিম্পিকত ভাৰতৰ জয়। ভাৰতৰ হৈ পেৰা অলিম্পিকত প্ৰথমটো পদক জয় কৰিলে ভাবিনাই। টেবুল টেনিছত ৰূপৰ পদক জয় কৰিলে ভাৰতীয় পেৰা খেলুৱৈ ভাবিনা পেটেলে।

শুকুৰবাৰে ছেমিত প্ৰৱেশেৰে প্ৰতিযোগিতাত ভাৰতৰ হৈ প্ৰথমটো পদক নিশ্চিত কৰিছিল খেলুৱৈগৰাকীয়ে। বিশ্বৰ তৃতীয় বাছনিৰ খেলুৱৈ চীনৰ মিয়ায়ো ঝাংকোক মেচত হৰুৱাই ছেমিত প্ৰৱেশ কৰি ৰূপৰ পদক নিশ্চিত কৰে ভাবিনাবেনে।

দেওবাৰে, ফাইনেলত বিশ্বৰ শীৰ্ষ বাছনিৰ খেলুৱৈ চীনৰ ঝৌ য়িঙৰ সৈতে মুখামুখি হৈছিল ভাৰতীয় খেলুৱৈগৰাকী। মহিলাৰ চিংগলছত ভাবিনাই ৭-১১, ৫-১১ আৰু ৬-১১ পইন্টত চীনা খেলুৱৈগৰাকীৰ হাতত পৰাস্ত হয় যদিও জয় কৰে ৰূপৰ পদক।

১৩ বছৰ পূৰ্বেই টেবুল টেনিছ খেলিবলৈ আৰম্ভ কৰা ভাবিনাৰ সফলতাত উৎফুল্লিত হৈ পৰিছে খেলুৱৈগৰাকীৰ পৰিয়ালবৰ্গৰ লগতে সমগ্ৰ দেশবাসী।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seven − 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.