Socialঅসমউৎসৱ

ষট পূজা উপলক্ষে যান-বাহন চলাচলৰ ক্ষেত্ৰত নিষেধাজ্ঞা, এইকেইটা পথেৰে চলাচল কৰিব নোৱাৰিব বাহন…

১০ তাৰিখে দিনৰ ১ বজাৰ পৰা পূজা শেষ নোহোৱা পৰ্যন্ত আৰু ১১তাৰিখে দিনৰ ১ বজাৰ পৰা পূজা শেষ নোহোৱা পৰ্যন্ত বাহাল থাকিব এই নিষেধাজ্ঞা

◼️ষট পূজাৰ উপলক্ষে ১০ আৰু ১১ নৱেম্বৰত যান-বাহন চলাচলৰ ক্ষেত্ৰত নিষেধাজ্ঞা ৷

◼️১০ তাৰিখে দিনৰ ১ বজাৰ পৰা পূজা শেষ নোহোৱা পৰ্যন্ত আৰু ১১তাৰিখে দিনৰ ১ বজাৰ পৰা পূজা শেষ নোহোৱা পৰ্যন্ত বাহাল থাকিব এই নিষেধাজ্ঞা।

◼️এপল’ পইন্টৰ পৰা কটন কলেজিয়েট স্কুল পইন্টলৈ এমজি ৰোডেৰে ভক্তি কঢ়িওৱা বাহনৰ বাহিৰে অন্য বাহন চলিব নোৱাৰিব।

◼️ভৰলুমুখ দিশৰ পৰা পানবজাৰ চান্দমাৰী অভিমুখী চিটি বাছ সমূহকে ধৰি সকলো যানবাহন এপলু পইন্টৰ পৰা টি আৰ পি ৰোড হৈ এইচ বি ৰোডত আৰু এনবিহল পইন্টেৰে বাওঁহাতে ঘূৰি এফচি ৰোড টয়াবুল্লাহ ৰোড আৰু জিএনবি ৰোডেৰে গৈ লক্ষ্য স্থানত উপনীত হব পাৰিব।

◼️চান্দমাৰী দিশৰ পৰা পানবজাৰ, ভৰলুমুখ,জালুকবাৰী অভিমুখী চিটি বাছ সমূহকে ধৰি সকলো ধৰণৰ বাহন টিচি পইন্ট হৈ ডিষ্ট্ৰিক লাইব্ৰেৰী আৰবিআই পইন্ট আৰু বাওঁহাতে পানবজাৰ অভাৰব্ৰিজ নৰ্থ পইণ্ট হৈ পানবজাৰ অভাৰব্ৰিজ ছাউথ পইণ্টলৈ এটি ৰোডেৰে আঠগাঁৱৰ উৰণীয়া সেতুৰ হৈ ভৰলুমুখ আৰু জালুকবাৰীলৈ যাব পাৰিব।

◼️টিচি পইণ্টেৰে জিএনবি ৰোড হৈ পানবজাৰ আৰু ফাচীবজাৰলৈ আহিবলগীয়া লঘু বাহন এম এল এন ৰোড হৈ এইচ বি ৰোডেৰে যাব পাৰিব।

◼️উজান বজাৰৰ লতাশিল দিশৰ পৰা ভৰলুমুখ অভিমুখে আহিব লগীয়া বাহনসমূহ বিচি ৰোড টয়াবুল্লাহ ৰোড জিএনবি ৰোডেৰে গৈ লক্ষ্য স্থানত উপনীত হ’ব পাৰিব।

◼️খানাপাৰাৰ পৰা ভৰলুমুখ, জালুকবাৰীৰ দিশে আহিব লগীয়া বাহনসমূহ পানবজাৰ এন এবি ছাউথ পইণ্ট হৈ এটি ৰোডেৰে লক্ষ্যৰ স্থানত উপনীত হ’ব পাৰিব।

◼️জালুকবাৰী দিশৰ পৰা অহা আন্ত: জিলা বাহন সমূহ এএচটিচি অধিনষ্ট গ্ৰাম্য চাৰ্ভিছ বাছ সমূহকে ধৰি যিকোনো ধৰণৰ বাহনসমূহ ( চিটি বাছ আৰু ভক্ত কঢ়িওৱা বাহন বা দি ) গুৱাহাটী মহানগৰীৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰিব ৷ এই বাহনসমূহ 37 ন’ ৰাষ্ট্ৰীয় ঘাই পথেৰে জালুকবাৰীৰ পৰা ISBT দিশলৈ যাব পাৰিব।

◼️১০ নৱেম্বৰৰ পুৱা ৯ বজাৰ পৰা ১১ নৱেম্বৰৰ পুৱা ন বজালৈ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ চন্দ্ৰপুৰ পানী খাইটি আদি দিশৰ পৰা বাণিজ্যিক সামগ্ৰী কঢ়িওৱা বাহনসমূহ মহানগৰীৰ ভিতৰত প্ৰৱেশ কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা প্ৰদান।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

10 + 8 =

Back to top button