অসমদৈনিক বাতৰি

বঙাইগাঁৱত গাঁঠিৰ ধন ভাঙি হাতে হাতে কোৰ, বেলচা লৈ পথ মেৰামতিত নামিল পুৰুষ-মহিলা

বঙাইগাঁৱত গাঁঠিৰ ধন ভাঙি হাতে হাতে কোৰ, বেলচা লৈ পথ মেৰামতিত নামিল পুৰুষ-মহিলা

দুই সমষ্টিৰ প্ৰশাসনিক দোমোজাত উন্নয়নৰ নামত ককবকাইছে এটা অঞ্চল। বঙাইগাঁও বিধানসভা সমষ্টি আৰু কাজলগাঁও পৰিষদীয় সমষ্টিৰ প্ৰশাসনিক এলেকাত সংঘটিত হৈছে এই ঘটনা। চিৰাং জিলাৰ চাপাগুৰি অঞ্চলৰ ৰৌমপুৰ গাঁওবাসীয়ে ভুগিবলগীয়া হৈছে যাতনা। দুই জিলা আৰু সমষ্টিৰ অৰিয়াঅৰিত উন্নয়নৰ মুখ দেখা নোপোৱা অঞ্চলবাসীয়ে অৱশেষত নিজেই নিজৰ ভাগ্য নিয়ন্তাৰূপে নামিছে কৰ্মত। গাঁঠিৰ ধন ভাঙি হাতে হাতে কোৰ, বেলচা লৈ পথ মেৰামতিত নামিল পুৰুষ-মহিলা। স্থানীয় বিধায়ক আৰু পাৰিষদীয় সদস্যৰ সমালোচনাত মুখৰ হ’ল ৰৌমপুৰ অঞ্চলৰ ৰাইজ।

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.