অপৰাধৰাজনৈতিক

হিন্দু–শিখক নিৰাপত্তাৰ প্ৰতিশ্ৰুতি দিয়াৰ পাছতো নির্যাতন চলাইছে তালিবানে

আইএছআইৰ নির্দেশ আৰু উচটনিৰ বাবে ভাৰতীয় হিন্দু–শিখক নির্যাতন চলাইছে তালিবানে

আফগানিস্তান দখল কৰাৰ পিছত তালিবানে হিন্দু–শিখক নিৰাপত্তা আৰু সুৰক্ষা দিয়াৰ কথা ঘোষণা কৰিছিল, কিন্তু এতিয়া ইয়াৰ ব্যতিক্ৰমহে দেখিবলে পোৱা গৈছে।

আফগানিস্তান সংবাদ মাধ্যমত প্রচাৰিত বাতৰি অনুসৰি পাকিস্তানী চোৰাংচোৱা সংস্থা আইএছআইৰ নির্দেশ আৰু উচটনিৰ বাবে ভাৰতীয় হিন্দু–শিখক নির্যাতন চলাইছে তালিবানে৷ কাবুল বিমানবন্দৰৰ সমীপত ভাৰতলৈ আহিবলৈ বাহৰ পাতি থকা একাংশ হিন্দু–শিখ লোকক তালিবান সন্ত্রাসবাদীয়ে প্রহাৰ কৰা ঘটনাৰ প্রচাৰিত হৈছে বাতৰিত৷

উল্লেখ্য যে, তালিবানে আফগানিস্তান দখলত অনাৰ পাছৰে পৰা পাকিস্তানী চোৰাংচোৱা সংস্থা আইএছআয়ে উচটাই আছে তালিবানক৷

এতিয়া কাবুল বিমান বন্দৰৰ লগতে দেশখনৰ বিভিন্ন অঞ্চলত থকা ভাৰতীয় হিন্দু আৰু শিখ লোকৰ সন্ধান চলাই আছে তালিবানে৷

ভাৰতে বৰ্তমান অব্যাহত ৰাখিছে আফগানিস্তানত থকা ভাৰতীয় নাগৰিকসকলক স্বদেশলৈ ওভতাই অনাৰ প্রক্রিয়া৷ তদুপৰি আফগানিস্তানৰ পৰা কোনো লোক ভাৰতলৈ আহিব বিছাৰিলে তেনে লোকক শৰণার্থী হিচাপে আশ্রয় দিয়াৰ নিশ্চিতি প্রদান কৰিছে ভাৰতে৷

তালিবানে ভাৰত বিৰোধী কার্যকলাপত জড়িত নহয় বুলি ঘোষণা কৰিলেও ভাৰতীয় মূলৰ ওপৰত নির্যাতন চলাই থকাৰ ঘটনা পোহৰলৈ আহিছে৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four − 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.