অসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

সমষ্টি পুনৰ্নিদ্ধাৰণ প্ৰসংগত আহোমলেণ্ডৰ মানচিত্ৰ প্ৰকাশ কৰিলে টাই আহোম যুৱ পৰিষদ অসমে

সমষ্টি পুনৰ্নিদ্ধাৰণ প্ৰসংগত ৰাজ্যজুৰি ব্যাপক চৰ্চা অব্যাহত থকাৰ সময়তে আহোমলেণ্ডৰ মানচিত্ৰ প্ৰকাশ কৰিলে টাই আহোম যুৱ পৰিষদ অসমে।

শদিয়াৰ পৰা শৰাইঘাটলৈকে সামৰি প্ৰস্তুত কৰা আহোমলেণ্ডৰ মানচিত্ৰ প্ৰথমবাৰৰ বাবে সংবাদ মাধ্যমৰ আগত দাঙি ধৰিলে টাইপাৰ সভাপতি বিজয় ৰাজকোঁৱৰে।

টাই আহোম জনগোষ্ঠীক জনজাতিকৰণৰ নামত প্ৰতিখন চৰকাৰেই বাৰম্বাৰ প্ৰতাৰণা কৰাৰ পৰিপ্ৰেক্ষিতত আহোমলেণ্ডৰ দাবী উত্থাপন কৰিছে সংগঠনটোৱে।

আহোমলেণ্ডৰ অন্তৰ্গত প্ৰতিটো জাতি-জনগোষ্ঠীৰ অস্তিত্ব অক্ষুণ্ণ ৰাখি আহোমলেণ্ডৰ মানচিত্ৰ প্ৰস্তুত কৰা বুলি মন্তব্য কৰিছে টাইপাৰ সভাপতি গৰাকীয়ে।

ইফালে টাইপাৰ এই দাবী যদি সংবিধানৰ গণ্ডীৰ ভিতৰত পৰে তেনেহলে চৰকাৰে বিবেচনা কৰিব বুলি মন্তব্য কৰিছে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four − 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.