ক্ৰিকেটখেলভাৰত

এটি সপোনে খেদি ফুৰিছে ভাৰতীয় ক্ৰিকেটদলৰ এই সকল তাৰকাক। পিছে কি এই সপোন!

ক্ৰিকেট অনুৰাগীৰ মনত এটাই আশা, টি ২০ বিশ্বকাপৰ খিতাপ দখল কৰিব ভাৰতে

অষ্ট্ৰেলিয়াত হৈ থকা টি ২০ বিশ্বকাপত দূৰ্দান্ত প্ৰদৰ্শনেৰে পইন্টৰ তালিকাত দ্বিতীয় স্থানত আছে ভাৰত। প্ৰথমখন খেল চিৰবৈৰী পাকিস্তানৰ বিৰুদ্ধে খেলিছিল ভাৰতে আৰু সেই খেল খন আছিল শ্বাসৰুদ্ধকৰ আৰু ৰোমাঞ্চকৰ। হাৰি হাৰি ৰণ জিকাৰ দৰে জিকিছিল সেই খেলখন আৰু খেলখনৰ হিৰ’ আছিল কিং কোহলী। দ্বিতীয় খন খেলিছিল নেডাৰলেণ্ডৰ বিৰুদ্ধে আৰু সেই খেলখনত অতি সহজেই জয় লাভ কৰিছিল টীম ইণ্ডিয়াই।

 

 

 

২০১১ চনৰ বিশ্বকাপ দখল কেতিয়াও পাহৰিব নোৱাৰে দেশে। ২০১১ চনত ঘটা কিছুমান কাৰ্য এইবাৰো ঘটিছে ভাৰতৰ লগত। ২০১১ চনৰ বিশ্বকাপত টীম আয়াৰলেণ্ডে হৰুৱাইছিল ইংলেণ্ডক আৰু ঠিক একেদৰেই এইবাৰ বিশ্বকাপ টি ২০ টো আয়াৰলেণ্ডে হৰুৱালে ইংলেণ্ডক। আৰু ২০১১ চনত একমাত্ৰ দক্ষিণ আফ্ৰিকাই ভাৰতক পৰাজিত কৰিছিল আৰু এইবাৰো দক্ষিণ আফ্ৰিকাৰ লগতে পৰাজয় হ’ল ভাৰত। এই ঘটনাই এতিয়া অধিক উৎসাহী কৰি তুলিছে ভাৰতৰ অনুৰাগী সকলক। সকলোৰে মনত এতিয়া মাত্ৰ এটাই আশা যে ঘৰলৈ লৈ আহক টি ২০ বিশ্বকাপৰ চেম্পিয়নৰ খিতাপ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 − fifteen =

Back to top button