অপৰাধঅষ্ট্ৰেলিয়াক্ৰিকেট

অষ্ট্ৰেলিয়াত গ্ৰেপ্তাৰ শ্ৰীলংকাৰ ক্ৰিকেটাৰ দানুস্কা গুণথিলকাক। মেচ শেষ হোৱাৰ পিছমুহূৰ্ততে গ্ৰেপ্তাৰ খেলুৱৈগৰাকীক!

অষ্ট্ৰেলিয়াৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে শ্ৰীলংকাৰ ক্ৰিকেটাৰ দানুস্কা গুণথিলকাক

অষ্ট্ৰেলিয়াত গ্ৰেপ্তাৰ শ্ৰীলংকাৰ ক্ৰিকেটাৰ দানুস্কা গুণথিলকাক। শনিবাৰে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে মেচ শেষ হোৱাৰ পিছমুহূৰ্ততে অষ্ট্ৰেলিয়াৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ক্ৰিকেটাৰ গৰাকীক। ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ শ্ৰীলংকাৰ বিশ্বকাপ দলৰ অপেনা দানুস্কা গুণথিলকাক। সম্প্ৰতি অষ্ট্ৰেলিয়াৰ আৰক্ষীয়ে সোধাপোছা কৰি আছে ক্ৰিকেটাৰ গৰাকীক। উল্লেখ্য যে, ৩১বছৰীয়া ক্ৰিকেটাৰজন গ্ৰেপ্তাৰৰ পিছতে সোধ-পোচৰ বাবে লৈ যোৱা হয় চিডনী চিটি আৰক্ষী চকীলৈ। দেওবাৰে ইংলেণ্ডৰ হাতত পৰাজিত হোৱাৰ পিছত শ্ৰীলংকাৰ দলটো প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছিল।

 

এক প্ৰতিবেদনত কোৱা হৈছে যে, “যোৱা সপ্তাহত চিডনীৰ পূবত এগৰাকী মহিলাৰ যৌন নিৰ্যাতনৰ অভিযোগৰ তদন্তৰ পিছত যৌন অপৰাধ স্কোয়াডৰ চোৰাংচোৱাসকলে শ্ৰীলংকাৰ এজন নাগৰিকক অভিযুক্ত কৰিছে”।
ৱেবচাইটৰ বিৱৰণ অনুসৰি, ৰোজ বেৰ এটা বাসগৃহত এগৰাকী ২৯ বছৰীয়া মহিলাক যৌন নিৰ্যাতন কৰা হৈছিল। লগতে উল্লেখ কৰে যে, “মহিলাগৰাকীয়ে অনলাইন ডেটিং এপ্লিকেচনৰ জৰিয়তে কেইবাদিনো তেওঁৰ সৈতে যোগাযোগ কৰাৰ পিছত মানুহজনৰ সৈতে সাক্ষাৎ কৰিছিল। এইটো অভিযোগ কৰা হৈছে যে তেওঁ ২ নৱেম্বৰ ২০২২ বুধবাৰৰ সন্ধিয়া মহিলাগৰাকীক যৌন নিৰ্যাতন কৰিছিল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.