খেল

মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটাৰ বাবে মনোনীত আইৰণ গাৰ্ল লাভলীনা বৰগোহাঁইৰ নাম…

নেশ্যনেল স্পৰ্টছ এৱাৰ্ড কমিটীয়ে ঘোষণা কৰিলে খেলৰত্ন বঁটাৰ বাবে মনোনীত খেলুৱৈৰ নাম। বুধবাৰে, স্পৰ্টছ কমিটীয়ে মেজৰ ধ্যানচান্দ বঁটাৰ বাবে মনোনীত কৰে ১১জন খেলুৱৈক।

নেশ্যনেল স্পৰ্টছ এৱাৰ্ড কমিটীয়ে ঘোষণা কৰিলে খেলৰত্ন বঁটাৰ বাবে মনোনীত খেলুৱৈৰ নাম। বুধবাৰে, স্পৰ্টছ কমিটীয়ে মেজৰ ধ্যানচান্দ বঁটাৰ বাবে মনোনীত কৰে ১১জন খেলুৱৈক।

টকিঅ’ অলিম্পিক ২০২০ত স্বৰ্ণ জয়ৰে দেশবাসীলৈ গৌৰৱ কঢ়িয়াই অনা জেভেলিন থ্ৰ’ৱাৰ নীৰজ চোপ্ৰাৰ নাম মনোনীত কৰিছে স্পৰ্টছ কমিটীয়ে। নীৰজ চোপ্ৰাৰ লগতে অলিম্পিক বিজয়ী লাভলীনা বৰগোহাঁই, ৰবি দাহিয়া, পি আৰ শ্ৰীজেশ, ভাৰতীয় মহিলা ক্ৰিকেটাৰ মিথালী ৰাজ আৰু ফুটবলাৰ সুনীল ছেত্ৰীৰ নাম এই সন্মানিত বঁটাৰ বাবে মনোনীত কৰা হৈছে।

টকিঅ’ অলিম্পিক ২০২০ আৰু টকিঅ’ পেৰা অলিম্পিক ২০২০ত পদক জয়ৰে ভাৰতবাসীক গৌৰৱান্বিত কৰা ভাৰতীয় খেলুৱৈসকলক সন্মান প্ৰদানৰ অৰ্থে স্পৰ্টছ কমিটীয়ে গ্ৰহণ কৰিছে এই সিদ্ধান্ত।

টকিঅ’ পেৰা অলিম্পিক ২০২০ত দুটা পদক জয় কৰা অৱনী লেখাৰাৰ নামো মনোনীত কৰা হৈছে মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটালৈ। F64 পেৰা জেভেলিন থ্ৰ’ত স্বৰ্ণ জয় কৰা সুমীত আণ্টিলৰ নামো মনোনীত এই বঁটাৰ বাবে।

মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটাৰ বাবে নিৰ্বাচিত হোৱা খেলুৱৈৰ নাম হৈছে-

১)নীৰজ চোপ্ৰা (এথলেটিকছ)
২) ৰবি দাহিয়া (মল্লযুঁজ)
৩) পি আৰ শ্ৰীজেশ (হকী)
৪) লাভলীনা বৰগোহাঁই (বক্সিং)
৫) সুনীল ছেত্ৰী (ফুটবল)
৬) মিথালী ৰাজ (ক্ৰিকেট)
৭) প্ৰমোদ ভগত (বেডমিন্টন)
৮) সুমীত আণ্টিল (জেভেলিন)
৯) অৱনী লেখাৰা (শ্বুটিং)
১০) কৃষ্ণ নগৰ (বেডমিন্টন)
১১) এম নৰৱাল (শ্বুটিং)

আনহাতে, খেলৰত্ন বঁটাৰ লগতে ৩৫জন ভাৰতীয় খেলুৱৈৰ নাম অৰ্জুন বঁটাৰ বাবে মনোনীত কৰা হৈছে

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

15 + 1 =

Back to top button