অসমগুৱাহাটীদৈনিক বাতৰিপৰ্যটনবতৰভাৰত

ক্ৰমাৎ জটিল অৱস্থালৈ গতি কৰিছে কহঁৰা বনাঞ্চলৰ বান পৰিস্থিতি

অপৰিবৰ্তীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলৰ বান পৰিস্থিতি ৷

ৰাষ্ট্ৰীয় উদ্যানখনৰ অগৰাতলি, বাগৰি আৰু বুঢ়াপাহাৰ বনাঞ্চলত বান কমিবলৈ আৰম্ভ কৰিছে যদিও ক্ৰমাৎ জটিল অৱস্থালৈ গতি কৰিছে কহঁৰা বনাঞ্চলৰ বান পৰিস্থিতি ৷

ব্ৰহ্মপুত্ৰৰ দাঁতি কাষৰীয়া এলেকা সমূহত বান কমিছে যদিও ডিফলু, মৰিডিফলু আৰু কহঁৰা নদীৰ পানীয়ে প্লাৱিত কৰিছে ন ন অঞ্চল ৷

ফলত ২২টা বন শিবিৰ এলেকা বৰ্তমানেও বানৰ কৱলত ৷

এনে পৰিস্থিতিত পানীত সাতুৰি নাদুৰি ৰাষ্ট্ৰীয় পথত আশ্ৰয় লৈছে গঁড়, ম’হ, হৰিণা আদি বন্যজন্তুৱে ৷

একাংশ বন্যজন্তুৱে বৰ্তমানেও কাজিৰঙাৰ ৩৭ নং ৰাষ্ট্ৰীয় পথৰ কাষত অৱস্থান কৰাৰ বিপৰীতে বহু জীৱ–জন্তু নিৰাপদ স্থানৰ সন্ধানত ঢাপলি মেলিছে কাৰ্বি পাহাৰলৈ ৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × five =

Back to top button