প্ৰযুক্তি

ৰিলায়েন্স জিঅ’ই মুকলি কৰিলে নতুন প্লেন, এবছৰৰ বাবে গ্ৰাহকে কৰিব নালাগে ৰিচাৰ্জ, কি আছে এই প্লেনত?

এই প্লেনটো জিঅ'ই Work From Home Data Packsৰ কেটেগৰীত ৰাখিছে। এই প্লেনকেইটা জিঅ' কোম্পানীৰ ৱেবছাইটত আপডেট কৰা হৈছে।

দেশৰ ভিতৰতে প্ৰথম ব্যক্তিগত টেলীকম কোম্পানী হৈছে ৰিলায়েন্স জিঅ’। দেশৰ কোটি কোটি গ্ৰাহকক লাভান্বিত কৰিছে জিঅ’ই। বিভিন্ন সা-সুবিধা প্ৰদান কৰা জিঅ’ই গ্ৰাহকৰ বাবে দুটা নতুন প্লেনৰ মুকলি কৰিছে, যাৰ জৰিয়তে গ্ৰাহকসকলে হাই স্পীড ডাটা লাভ কৰিব।

 

জিঅ’ই মুকলি কৰা নতুন দুটা ডাটা প্লেনৰ এবছৰৰ বৈধতা আছে। এই প্লেনটো জিঅ’ই Work From Home Data Packsৰ কেটেগৰীত ৰাখিছে। এই প্লেনকেইটা জিঅ’ কোম্পানীৰ ৱেবছাইটত আপডেট কৰা হৈছে। জিঅ’ৰ ২,৮৭৮টকাৰ প্লেনৰ জৰিয়তে গ্ৰাহকে ৩৬৫ দিনৰ বৈধতা লাভ কৰিব। এই প্লেনৰ জৰিয়তে গ্ৰাহকসকলে দৈনিক 2GB হাইস্পীড ইণ্টাৰনেট লাভ কৰিব। দৈনিক 2GBকৈ সৰ্বমুঠ 730GB ইণ্টাৰনেট লাভ কৰিব গ্ৰাহকে। আনকি এই ডাটা শেষ হোৱাৰ পিছতো 64Kbps ডাটা স্পীড লাভ কৰিব গ্ৰাহকসকলে।

 

জিঅ’ই মুকলি কৰা আনটো প্লেনৰ জৰিয়তে দৈনিক 2.5GB হাই স্পীড ডাটা দিয়া হৈছে। এই প্লেন সমাপ্ত হোৱাৰ পিছত ইন্টাৰনেটৰ স্পীড 64Kbps কৰি দিয়া হ’ব। এই প্লেনত আপুনি বছৰটোত লাভ কৰিব 912.5GB ডাটা আৰু ইয়াৰ মূল্য হৈছে-২,৯৯৮টকা।

 

আনকি জিঅ’ৰ Work From Home কেটেগৰীত আৰু তিনিটা প্লেন আছে, যাৰ মূল্য হৈছে ক্ৰমে ১৮১ টকা, ২৪১ টকা আৰু ৩০১ টকা। এই আটাইকেইটা প্লেনৰ বৈধতা ৩০ দিন।১৮১ টকাৰ প্লেনত 30GB ডাটা, ২৪১ টকাৰ প্লেনত 40GB ডাটা আৰু ৩০১ টকাৰ প্লেনত 50GB ডাটা আছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × 2 =

Back to top button