অপৰাধঅসম

মাতৃক দাৰে ঘপিয়াই ৰঙাঘৰৰ আলহী হ’ল পুত্ৰ

৫০ হাজাৰ টকা দাবী কৰিছিল যুৱকজনে

মাতৃক দাৰে ঘপিয়াই ৰঙাঘৰৰ আলহী হ’ল পুত্ৰ।

গোৱালপাৰা জিলাৰ মৰনৈত অঘটন। পাৰিবাৰিক সংঘাতৰ ফলত সতিয়া পুত্ৰৰ হাতত প্ৰাণ গল মাহীমাকৰ।
জানিব পৰা মতে, গোৱালপাৰা জিলাৰ মৰনৈ আৰক্ষী থানাৰ অন্তৰ্গত মৰনৈ বজাৰতে আজি সন্ধিয়া ৭ মান বজাত সতিয়া পুত্ৰ অসীম দাসৰ দাৰ ঘাপত থিতাতে মৃত্যুক সাবটি লয় যমুনা ওৰফে বসু দাসে।

স্থানীয় ৰাইজৰ ভাষ্য অনুযায়ী বসু দাসৰ(৪০) স্বামী দিলীপ দাসে(৫০) পূৰ্বে অপৰ্ণা দাস নামৰ মহিলাৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল যদিও আজিৰ পৰা ২০ বছৰ পূৰ্বে তেওঁলোকৰ বিবাহ বিচ্ছেদ হৈছিল। বিবাহ বিচ্ছেদৰ পিছত দিলীপ দাসে পুনৰাই যমুনা দাসক(বসু) বিয়া পাতে। বিয়াৰ পাছত ছোৱালী এজনীৰো জন্ম হয়।

মাহী মাকক ৫০ হাজাৰ টকা দাবী কৰিছিল যুৱকজনে। টকা দিব নোৱাৰা বাবে মাহী মাকক হত্যা কৰা বুলি অভিযোগ কৰিছে পৰিয়ালৰ অন্য লোকে। ঘটনা সন্দৰ্ভত খবৰ লাভ কৰা মাত্ৰকে ঘটনা স্থলীত উপস্থিত হয় মৰনৈ থানাৰ আৰক্ষী। আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰাৰ লগতে হত্যাকাৰী যুৱক জনকো আটক কৰিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eleven + 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.