আন্তঃৰাষ্ট্ৰীয়খেলভাৰত

ভাৰতবাসীৰ মনত আশাৰ সঞ্চাৰ, প্ৰথম মেচত জয়ী পি ভি সিন্ধু

নৌকা সঞ্চালন (ৰয়িঙ)ত ভাৰতৰ পদক নিশ্চিত, প্ৰথম মেচত জয়ী পি ভি সিন্ধু

টকিঅ’ অলিম্পিকৰ আজি দ্বিতীয়টো দিন। দ্বিতীয় দিনা ভাৰতৰ আৰম্ভণি বৰ সন্তোষজনক নহয় যদিও আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে পি ভি সিন্ধুৰ লগতে নৌকা সঞ্চালনৰ খেলুৱৈয়ে।

মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টল শাখাত মনু ভাকৰ আৰু যশস্বনী দেছৱালে ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিব নোৱাৰিলে। যোগ্যতা নিৰ্ণয়কাৰী শাখাত মনুৱে ৫৭৫ নম্বৰৰ সৈতে ১২ নং স্থান আৰু দেছৱালে ৫৭৩ নম্বৰেৰে ১৩ নং স্থানতে সীমাৱদ্ধ থাকিবলগীয়া হয়।

কিন্তু নৌকা সঞ্চালন (ৰয়ীং)ৰ পৰা আহিছে ভাল খবৰ । পুৰুষৰ লাইটৱেট ডাবলছত অৰ্জুন লাল আৰু অৰবিন্দ সিঙে ছেমিফাইনেলত প্ৰৱেশ কৰিছে। এইদিশৰ পৰা চাবলৈ গ’লে এই ক্ৰীড়াপ্ৰতিযোগিতাত ভাৰতৰ পদক নিশ্চিত হৈছে।

বেডমিণ্টনৰ পদক দাবীদাৰ তথা ৰিঅ’ অলিম্পিকত ৰূপৰ পদক বিজয়ী পি ভি সিন্ধুৱে গ্ৰুপ পৰ্যায়ৰ প্ৰথমখন মেচত জয়ী হৈছে। খেলুৱৈগৰাকীয়ে ইজৰাইলৰ ছেনিয়া প’লিকাৰপোৱাক সহজেই ২১-৭, ২১-১০ চেটত পৰাজিত কৰে। সিন্ধুৱে এই মেচ মাত্ৰ ২৮ মিনিটতে সমাপ্ত কৰিলে। ইয়াৰ লগে লগে সিন্ধুৱে ১২ পইণ্ট অৰ্জন কৰিছে।

টকিঅ’ অলিম্পিকত পুনৰ জিলিকি উঠক ভাৰত। অলিম্পিকত পাৰদৰ্শিতা প্ৰদৰ্শন কৰি খেলুৱৈসকলে ভাৰতলৈ কঢ়িয়াই আনক গৌৰৱ। তাৰেই কামনা কৰিছে ভাৰতবাসীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.