ভাৰত

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাতৃয়ে ভৰি দিলে ১০০ বছৰ বয়সত

আজি জীৱনৰ শততম বছৰত ভৰি দিলে প্ৰধানমন্ত্ৰী মোদীৰ মাতৃ হীৰাবেন মোদীয়ে। পুৱাই প্ৰধানমন্ত্ৰী মোদীয়ে ভৰি চুই সেৱা কৰি আশীৰ্বাদ বিচাৰিলে মাতৃৰ।

আজি ১০০ বছৰ গৰকিলে প্ৰধানমন্ত্ৰী মোদীৰ মাতৃয়ে। নৰেন্দ্ৰ মোদীৰ মাত- হীৰাবেন মোদীৰ আজি ওপজা দিন।

আজি জীৱনৰ শততম বছৰত ভৰি দিলে প্ৰধানমন্ত্ৰী মোদীৰ মাতৃ হীৰাবেন মোদীয়ে। পুৱাই প্ৰধানমন্ত্ৰী মোদীয়ে ভৰি চুই সেৱা কৰি আশীৰ্বাদ বিচাৰিলে মাতৃৰ।

প্ৰধানমন্ত্ৰী মোদীয়ে এই বিশেষ দিনটোত মা’কলৈ এইবুলি লিখে..

“মা… এইটো কেৱল এটা শব্দ নহয়, ই বিভিন্ন আৱেগ কঢ়িয়াই আনে। আজি, ১৮জুন এই দিনটোত মোৰ মা হীৰাবায়ে তেওঁৰ ১০০তম বছৰত প্ৰৱেশ কৰিছে। এই বিশেষ দিনটোত মই আনন্দ আৰু কৃতজ্ঞতা প্ৰকাশ কৰি মোৰ কেইটামান ধাৰণা লিখিছো,” প্ৰধানমন্ত্ৰী মোডীয়ে টুইটাৰত তেওঁৰ ব্লগৰ লিংক শ্বেয়াৰ কৰি লিখিছে।

“আজি, মই অত্যন্ত সুখী আৰু সৌভাগ্যৱান অনুভৱ কৰিছো যে মোৰ মা শ্ৰীমতী হীৰাবা য়ে তেওঁৰ শততম বৰ্ষত প্ৰৱেশ কৰিছে। এইটো তেওঁৰ জন্ম শতবাৰ্ষিকী বৰ্ষ হ’ব। যদি মোৰ দেউতা জীয়াই থাকিলহেঁতেন, তেন্তে তেওঁ যোৱা সপ্তাহত তেওঁৰ ১০০তম জন্মদিন উদযাপন কৰিলেহেঁতেন। ২০২২ বৰ্ষটো এক বিশেষ বছৰ যিহেতু মোৰ মাতৃৰ শতবাৰ্ষিকী বৰ্ষ আৰম্ভ হৈছে, আৰু মোৰ দেউতাই তেওঁৰ সম্পূৰ্ণ কৰিলেহেঁতেন,” প্ৰধানমন্ত্ৰীয়ে তেওঁৰ পত্ৰত লিখিছিল।

https://twitter.com/narendramodi/status/1537986776287289344

প্ৰধানমন্ত্ৰী মোডী এদিনৰ ভ্ৰমণৰ বাবে গুজৰাটত আছে য’ত তেওঁ বদোদৰাত এখন ৰেলী সম্বোধন কৰাৰ আগতে পাৱাগড় মন্দিৰ দৰ্শন কৰিব।

প্ৰধানমন্ত্ৰীৰ গৃহচহৰ ভাদনগৰত তেওঁৰ মাতৃৰ জন্মদিন উপলক্ষে ধৰ্মীয় কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। মোডী পৰিয়ালে আহমেদাবাদৰ জগন্নাথ মন্দিৰত এটা সামূহিক আহাৰৰ পৰিকল্পনা কৰিছে।

উল্লেখ্য় যে, প্ৰধানমন্ত্ৰী গৰাকীয়ে নিজে চৰণ পখালি জন্মদিনৰ দিনা মাতৃক সেৱা জনাই। ওপজা দিনত নিজ হাতে মিঠাই খুৱাই জন্মদিনৰ ওলগ জনালে প্ৰধানমন্ত্ৰীয়ে।

প্ৰধানমন্ত্ৰীৰ আগমনৰ লগে লগে বাসগৃহত গোট খায় আত্মীয় আৰু প্ৰতিবেশী লোকসকল। সকলোকে সেৱা জনাই ওভতিল প্ৰধানমন্ত্ৰীগৰাকী।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

15 − 1 =

Back to top button