আন্তঃৰাষ্ট্ৰীয়

‘ধন্যবাদ মোদীজী’, ভাৰতৰ প্ৰধানমন্ত্ৰীক ধন্যবাদ জনালে পাকিস্তানৰ শিক্ষাৰ্থীয়ে…

"মই কীয়েভৰ ভাৰতীয় দূতাবাসৰ প্ৰতি যথেষ্ট কৃতজ্ঞ, যথেষ্ট কঠিন পৰিস্থিতিত আৱদ্ধ হৈ থকাৰ সময়ত আমাক উদ্ধাৰ কৰিলে ভাৰত চৰকাৰে"।

যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ পৰা ভাৰতৰ শিক্ষাৰ্থীক যিকোনো পৰিস্থিতিতে উদ্ধাৰৰ বাবে অব্যাহত আছে ভাৰত চৰকাৰৰ ‘অপাৰেশ্যন গংগা’ অভিযান। এই অভিযানৰ অধীনত লগতে কীয়েভৰ ভাৰতীয় দূতাবাসৰ সহায়ক্ৰমে ভাৰতীয় শিক্ষাৰ্থীৰ লগতে উদ্ধাৰ কৰা হৈছে পাকিস্তানৰ শিক্ষাৰ্থীকো।

ইউক্ৰেইনৰ পৰা সুকলমে উদ্ধাৰ হোৱা পাকিস্তানী ছাত্ৰীগৰাকী হৈছে-আচমা চফিক। যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ পৰা উদ্ধাৰ কৰাৰ বাবে ভাৰতীয় দূতাবাস আৰু ভাৰতৰ প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে আচমাই।

ছাত্ৰীগৰাকীয়ে কয় যে, “মই কীয়েভৰ ভাৰতীয় দূতাবাসৰ প্ৰতি যথেষ্ট কৃতজ্ঞ, যথেষ্ট কঠিন পৰিস্থিতিত আৱদ্ধ হৈ থকাৰ সময়ত আমাক উদ্ধাৰ কৰিলে ভাৰত চৰকাৰে”। আনকি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো ধন্যবাদ জ্ঞাপন কৰে আচমাই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four + 10 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.